শিৱসাগৰ জিলা আৰক্ষী বিভাগৰ উদ্যোগত চাইবাৰ অপৰাধ সজাগতা সভা নাজিৰা মহাবিদ্যালয়ত

  নাজিৰা মহাবিদ্যালয়ত শিৱসাগৰ জিলা আৰক্ষী বিভাগৰ উদ্যোগত তথা নাজিৰা আদৰ্শ আৰক্ষী থানা আৰু নাজিৰা থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ সহযোগত চাইবাৰ অপৰাধ সজাগতা সভা অনুষ্ঠিত হয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু সাধাৰণ ৰাইজৰ মাজত চাইবাৰ অপৰাধ, অনলাইন সুৰক্ষা, চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধ আৰু ডিজিটেল প্ৰযুক্তিৰ সুৰক্ষিত ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।

 

সভাত নাজিৰা মহাবিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে শিৱসাগৰ জিলা আৰক্ষী বিভাগৰ আৰক্ষী বিষয়া, নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষী বিষয়া, নাগৰিক সমিতিৰ সদস্য আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

সভাত বক্তাসকলে বৰ্তমান সময়ত বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ বিভিন্ন দিশৰ বিষয়ে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক সজাগ কৰে। অনলাইন লেনদেনৰ সময়ত সাৱধানতা অৱলম্বন কৰা, অচিনাকি লিংকত ক্লিক নকৰা, OTP, বেংক একাউণ্টৰ তথ্য, পাছৱৰ্ড আদি কাকো নিদিয়া আৰু অনলাইন প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত হৈ থকাৰ বিভিন্ন উপায়ৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

 

লগতে কোনো লোক চাইবাৰ অপৰাধৰ সন্মুখীন হ’লে তৎকালীনভাৱে আৰক্ষীৰ কাষ চাপিবলৈ আহ্বান জনোৱা হয়। সভাখনে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ মাজত চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক সজাগতা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register