আয়ুষ্মান ভাৰতৰ নামত চিকিৎসা নে হাৰাশাস্তি?
GMCH ত ফৰ্মেলিটিৰ মেৰপাকত আৱদ্ধ হৈ মৃত্যুমুখী সংকটাপন্ন ৰোগী।
বিনামূলীয়া চিকিৎসা সেৱাৰ নামত এতিয়া চিকিৎসালয়ৰ বাৰান্দাত দিশহাৰা ৰোগীৰ আত্মীয়। দুখীয়া-দৰিদ্ৰ লোকৰ বাবে চৰকাৰে আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ দৰে অভিলাষী আঁচনি প্ৰবৰ্তন কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ সুফল পাবলৈ গৈ জনসাধাৰণে সন্মুখীন হ’বলগীয়া হৈছে চৰম হাৰাশাস্তিৰ।
বিশেষকৈ জৰুৰীকালীন অৱস্থাত (Emergency) বা ICU-ত থকা সংকটাপন্ন ৰোগীৰ পৰিয়ালৰ বাবে এই ফ্ৰী চিকিৎসা লাভ কৰাটো এক ধৰণৰ মানসিক অত্যাচাৰলৈ ৰূপান্তৰিত হৈছে।
১. ২-৩ দিনৰ দীঘলীয়া ফোৰ্মেলিটি আৰু
ৰোগী যেতিয়া ICU বা হাস্পতালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি থাকে, তেতিয়া ৰোগীৰ আত্মীয়ই চৰকাৰী নিয়ম আৰু নথি-পত্ৰ জমা দিয়াৰ নামত ২ ৰ পৰা ৩ দিন ক্ৰমাগতভাৱে দৌৰাদৌৰি কৰিবলগীয়া হয়। ফাইল এপ্ৰুভেল (Approval) কৰোৱা, অফলাইন-অনলাইন প’ৰ্টেলৰ জঁট ভঙা আৰু বিভিন্ন কাউন্টাৰত শাৰী পতাৰ নামতে সময় পাৰ হৈ যায়।
অত্যন্ত দুখৰ বিষয় যে, বহু ক্ষেত্ৰত এই জটিল আৰু দীঘলীয়া ‘ফৰ্মেলিটি’ সম্পূৰ্ণ হৈ উঠালৈকে সংকটজনক ৰোগীৰ অৱস্থা আৰু অধিক অৱনতি ঘটে আৰু কিছুমান ৰোগীয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।
২. চৰকাৰী ব্যৱস্থা আৰু ৰাইজৰ প্ৰশ্ন:
জনসাধাৰণৰ প্ৰশ্ন—
চৰকাৰী হাস্পতালত চিকিৎসাও ফ্ৰী, দৰিদ্ৰ পৰিয়ালৰ বাবে আয়ুষ্মান ভাৰতৰ জৰিয়তে চৰকাৰী/বেচৰকাৰী হাস্পতালতো চিকিৎসা ফ্ৰী। যদিহে চিকিৎসাক ফ্ৰী আৰু জৰুৰী সেৱা হিচাপে গণ্য কৰা হৈছে, তেন্তে সংকটজনক মুহূৰ্তত ইমানবোৰ জটিল নিয়ম-কানুন কেৱল কাগজ-কলমতে কিয় সীমাবদ্ধ?
মানুহৰ জীৱন ডাঙৰ নে আইনী নথি-পত্ৰ ডাঙৰ?
৩. অসম চৰকাৰলৈ এক কাৰুণ্যিক আহ্বান:
জিলা প্রশাসন আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগক ৰাইজে জৰুৰীভাৱে আহ্বান জনাইছে যে—
ফৰ্মেলিটি সৰলীকৰণ: বিশেষকৈ ICU আৰু Emergency ৰোগীসকলৰ বাবে আয়ুষ্মান ভাৰতৰ অনুমোদন প্ৰক্ৰিয়া (Instant Approval System) অতি ক্ষিপ্ৰ আৰু সৰল কৰিব লাগে।
‘প্ৰথম চিকিৎসা, পিছত ফাইল’ নীত প্ৰয়োগ: জৰুৰী অৱস্থাত নথি-পত্ৰ সংগ্ৰহ কৰাৰ সলনি ৰোগীক লগে লগে আই.চি.ইউ-ত ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰিব লাগে আৰু ৰোগী সুস্থ নোহোৱালৈকে বা পিছত ফৰ্মেলিটি সমূহ চিকিৎসালয়ৰ তৰফৰ পৰাই স্বয়ংক্ৰিয়ভাৱে কম সময়ত পূৰণ কৰাৰ নিয়ম কৰিব লাগে।
কাগজ-কলমৰ নিয়ম আৰু লেহেমীয়া প্ৰশাসনিক প্ৰক্ৰিয়াৰ বাবে যাতে আরু কোনো দৰিদ্ৰ পৰিয়ালে নিজৰ আপোনজনক অকালতে হেৰুৱাবলগীয়া নহয়, তাৰ বাবে অসম চৰকাৰে এই ফৰ্মেলিটি সমূহ লগে লগে শিথিল আৰু সৰল কৰাটো সময়ৰ দাবী।
আয়ুষ্মান ভাৰতৰ নামত চিকিৎসা নে হাৰাশাস্তি?
