নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহন কৰে প্ৰসেনজিত পদ্দাৰে
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ওদালগুৰি জিলা সমিতিত নতুন দায়িত্ব লাভ কৰিলে প্ৰসেনজিত পদ্দাৰে। সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে প্ৰসেনজিত পদ্দাৰে।
নতুন দায়িত্ব লাভ কৰাৰ পিছত প্ৰসেনজিত পদ্দাৰে সংগঠনটোক অধিক শক্তিশালী কৰাৰ লগতে যুৱ সমাজৰ বিভিন্ন সমস্যা আৰু অধিকাৰৰ বিষয়ত সক্ৰিয়ভাৱে কাম কৰাৰ লক্ষ্য প্ৰকাশ কৰে।
ইফালে, নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীক সংগঠনটোৰ বিভিন্ন বিষয়ববীয়া, সদস্য তথা শুভাকাংক্ষীসকলে শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত তেওঁৰ নেতৃত্বত সংগঠনটোৱে অধিক গতিশীল ৰূপত আগবাঢ়িব বুলি আশা প্ৰকাশ কৰে।
ওদালগুৰিৰ পৰা শিৱ প্ৰসাদ দাস।
