বিশেষভাৱে সক্ষম শিল্পীৰ মনোমোহা সংগীতে জীপাল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ!

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মিউজিক এবিলিটি ৪.০’ শীৰ্ষক এক বিশেষ সংগীতানুষ্ঠান। সংগীতৰ জৰিয়তে বিশেষভাৱে সক্ষম শিল্পীসকলৰ প্ৰতিভা আৰু সৃষ্টিশীলতাক এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয় এই ব্যতিক্ৰমী অনুষ্ঠান।

মেঘালয়ৰ সংগীতশিল্পী লুও মাজাঅ’ৰ তত্বাৱধানত অনুষ্ঠিত অনুষ্ঠানটোত বিশেষভাৱে সক্ষম কেইবাগৰাকীও সংগীতশিল্পীয়ে অংশগ্ৰহণ কৰি আগবঢ়ায় মনোমোহা সংগীত পৰিৱেশন। শিল্পীসকলৰ প্ৰতিভা আৰু আত্মবিশ্বাসে অনুষ্ঠানটোত এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে।

সংগীতৰ কোনো বাধা নাই—এই বাৰ্তাকে সজীৱ কৰি তোলা অনুষ্ঠানটোৱে উপস্থিত দৰ্শকসকলৰ মাজতো বিশেষ সঁহাৰি লাভ কৰে। বিশেষভাৱে সক্ষম শিল্পীসকলক প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ লগতে সমাজত অন্তৰ্ভুক্তি, সমতা আৰু আত্মবিশ্বাসৰ বাৰ্তা প্ৰদানৰ ক্ষেত্ৰতো ‘মিউজিক এবিলিটি ৪.০’ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হয়।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register