মৈৰাবাৰী মহাবিদ্যালয়ৰ শিক্ষা (Education) বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আজি পুৱা ১০ বজাত শিশুৰ প্ৰাৰম্ভিক শৈশৱকালীন শিক্ষাৰ গুৰুত্ব বিষয়ক এখনি সাৰ্থক আৰু জ্ঞানগৰ্ভ বিভাগীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। আলোচনা চক্রখনি সঞ্চালনা কৰে বিভাগীয় জ্যেষ্ঠ অধ্যাপক শ্বহিদুল ইছলাম খানে। আলোচনা চক্ৰখনিত প্ৰাৰম্ভিক শৈশৱ অৱস্থাত শিশুৰ মানসিক, শাৰীৰিক, ভাষাগত আৰু সামাজিক বিকাশত শিক্ষাৰ ভূমিকা সম্পৰ্কে বিতংকৈ আলোকপাত কৰা হয়।
উক্ত আলোচনা চক্রত বিশেষভাৱে উল্লেখ কৰা হয় যে তিনি বছৰৰ পৰা আঠ বছৰ বয়সলৈকে শিশুৰ বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাত অভিভাৱকে ঘৰতে বিভিন্ন সৃষ্টিশীল কাৰ্যকলাপ, খেল-ধেমালি, গল্প, গান, ছবি অংকন, ভাষা আৰু নৈতিক শিক্ষাৰ জৰিয়তে শিশুক প্ৰাক আৰু প্ৰাথমিক শিক্ষাৰ সৈতে পৰিচিত কৰিব পাৰে। ইয়াৰ ফলত শিশুৰ চিন্তা শক্তি, সৃজনশীলতা, আত্মবিশ্বাস আৰু শিকাৰ আগ্ৰহ বৃদ্ধি পায়।
অনুষ্ঠানত মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুৎফুৰ ৰহমান আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত প্ৰাৰম্ভিক শৈশৱকালীন শিক্ষাৰ গুৰুত্ব, অভিভাৱকৰ দায়িত্ব আৰু শিশুৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰয়োজনীয় বিভিন্ন দিশৰ ওপৰত সবিশেষ বক্তব্য আগবঢ়ায়। আলোচনা চক্ৰত আদৰণী ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰিয়াজুল হকে।
ইয়াৰ উপৰিও আলোচনা চক্ৰখনিত মৈৰাবাৰী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক মঃ ৰফিকুল ইছলাম, মৰ্জিনা বেগম আৰু ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ময়িদুল ইছলাম উপস্থিত থাকি বিষয়টোৰ বিভিন্ন দিশ সম্পৰ্কে মূল্যৱান বক্তব্য আগবঢ়ায়।
