ডিব্ৰুগড়ৰ এলেন ইনষ্টিটিউটত স্কলাৰশ্বিপক লৈ হুলস্থূল

ডিব্ৰুগড়ৰ এলেন ইনষ্টিটিউটত স্কলাৰশ্বিপক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। স্কলাৰশ্বিপ বাতিল কৰাৰ সিদ্ধান্তত ক্ষুব্ধ হৈ একাংশ অভিভাৱকে প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অভিভাৱকসকলৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ সময়ত স্কলাৰশ্বিপ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত হঠাৎ সিদ্ধান্ত সলনি কৰা হৈছে। ফলত শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে।

স্কলাৰশ্বিপ বাতিলৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখিবলৈ দাবী জনাইছে অভিভাৱকসকলে। তেওঁলোকৰ অভিযোগ, স্কলাৰশ্বিপৰ ওপৰত নিৰ্ভৰ কৰি বহু শিক্ষাৰ্থীয়ে নামভৰ্তি আৰু শিক্ষাৰ পৰিকল্পনা কৰিছিল।

স্কলাৰশ্বিপ বাতিলৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আগন্তুক দিনত বৃহত্তৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি অভিভাৱকসকলে সতৰ্ক কৰি দিছে।

ঘটনাটোক লৈ এতিয়া এলেন ইনষ্টিটিউট কৰ্তৃপক্ষৰ স্পষ্টীকৰণৰ অপেক্ষাত অভিভাৱক আৰু শিক্ষাৰ্থীসকল।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register