ডিব্ৰুগড়ৰ চাউলখোৱা ৰে’লৱে ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, ঘটনাস্থলীত ৰে’লৱে আৰক্ষীৰ তদন্ত..

ডিব্ৰুগড়ৰ চাউলখোৱা ৰে’লৱে ষ্টেচনত উদ্ধাৰ হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ৰে’লৱে আৰক্ষী আৰু গাভৰু পথাৰ আৰক্ষীৰ দল। আৰক্ষীয়ে ঘটনাস্থলীত প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰে।

বৰ্তমানলৈকে মৃত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই। মৃতদেহটো অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

মৃত্যুৰ প্ৰকৃত কাৰণ আৰু পৰিচয় জানিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Reply

BP NEWS Live
Logo Friday, 2 October 2026
Login / Register