ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুক দুৰ্গাপূজা ২০২৬ৰ প্ৰস্তুতি সন্দৰ্ভত ডিচি কনফাৰেন্স হলত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী, IASৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত জিলাখনৰ বিভিন্ন দুৰ্গাপূজা সমিতিৰ প্ৰতিনিধিৰ লগতে আৰক্ষী, স্বাস্থ্য, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, PWD, PHE, APDCLকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
বৈঠকত দুৰ্গাপূজাৰ সময়ছোৱাত যান-বাহন নিয়ন্ত্ৰণ, ভিৰ নিয়ন্ত্ৰণ, জনসুৰক্ষা, জৰুৰীকালীন ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বিদ্যুৎ যোগান আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, ২১ অক্টোবৰত অনুষ্ঠিত হ’ব দুৰ্গা প্ৰতিমাৰ বিসৰ্জন। আনহাতে, দুৰ্গাপূজাৰ বাবে প্ৰয়োজনীয় অনুমতি নিৰ্ধাৰিত নিয়ম-নীতি অনুসৰি ১২ অক্টোবৰৰ ভিতৰত গ্ৰহণ কৰিব লাগিব।
পূজা সমিতিসমূহক নিৰ্ধাৰিত বিসৰ্জন পথ, সময়সূচী, অনুমোদিত অংশগ্ৰহণকাৰীৰ সংখ্যা আৰু সকলো সুৰক্ষা নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হয়। লগতে মাইক আৰু লাউডস্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময় আৰু শব্দৰ মাত্ৰা মানি চলিবলৈও প্ৰশাসনে আহ্বান জনায়।
জিলা আয়ুক্তগৰাকীয়ে দুৰ্গাপূজা যাতে শান্তিপূৰ্ণ, সুৰক্ষিত আৰু সম্প্ৰীতিৰ পৰিৱেশত অনুষ্ঠিত হয়, তাৰ বাবে সকলো পক্ষক সমন্বয়েৰে কাম কৰিবলৈ আহ্বান জনায়। বিশেষকৈ বয়োজ্যেষ্ঠ লোক, মহিলা আৰু শিশুৰ সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয়।
