সোণতলীৰ সেলেসুতিৰ ঠেক দলং: এজাক গাড়ী পাৰ হ’লে ৰ’ব লাগে আনজাক! তীব্ৰ যান-জঁট ।

সোণতলীৰ সেলেসুতিৰ ঠেক দলং: এজাক গাড়ী পাৰ হ’লে ৰ’ব লাগে আনজাক! তীব্ৰ যান-জঁট ।

দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অত্যন্ত জনবহুল তথা মূল বাণিজ্যিক প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত সোণতলী বজাৰলৈ যোৱা মূল পথত অৱস্থিত সেলেসুতিৰ দলংখনে এতিয়া স্থানীয় ৰাইজ আৰু পথচাৰীৰ বাবে এক ডাঙৰ যন্ত্ৰণাৰ কাৰণ হৈ পৰিছে। দৈনিক হাজাৰ হাজাৰ লোক আৰু শ শ সৰু-বৰ বাহন চলাচল কৰা এই গুৰুত্বপূৰ্ণ পথটিত থকা সেলেসুতিৰ দলংখন ইমানেই ঠেক যে তাত একে সময়তে দুখন বাহন পাৰ হোৱাটো অসম্ভৱ।
স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ কৰা মতে, দলংখনত এফালে এখন গাড়ী বা ই-ৰিক্সা পাৰ হৈ থাকিলে বিপৰীত দিশৰ পৰা অহা অন্য বাহনসমূহ শাৰী পাতি ৰৈ থাকিবলগীয়া হয়। ইয়াৰ ফলত বিশেষকৈ ব্যস্ত সময়ছোৱাত অৰ্থাৎ ৰাতিপুৱা আৰু গধূলি দলংখনৰ দুয়োকাষে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। বহু সময়ত আধা ঘণ্টাৰ পৰা এঘণ্ট পৰ্যন্ত বাহনসমূহ আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়।
সোণতলী বজাৰ হৈছে সমগ্র অঞ্চলটোৰ শাক-পাচলি, মাছ-মাংস, কাপোৰ আৰু গৃহস্থালী সামগ্ৰীৰ প্ৰধান ক্ৰয়-বিক্ৰয় কেন্দ্র। গুৱাহাটী তথা অন্যান্য স্থানৰ পৰা দৈনিক ডাঙৰ ট্ৰাক আৰু ব্যৱসায়িক বাহনসমূহ এই বাটেৰে চলাচল কৰে। কিন্তু সেলেসুতিৰ এই জৰাজীৰ্ণ আৰু ঠেক দলংখনৰ বাবে পণ্যবাহী বাহনসমূহ সময়মতে বজাৰত পাবগৈ নোৱাৰৰে, যাৰ পোনপটীয়া প্ৰভাৱ স্থানীয় ব্যৱসায়-বাণিজ্যৰ ওপৰত পৰিছে।
সবাতোকৈ চিন্তনীয় বিষয়টো হৈছে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ ক্ষেত্রে। সংকটজনক অৱস্থাত ৰোগীক চিকিৎসালয়লৈ লৈ যোৱা এম্বুলেন্সসমূহ প্ৰায়ে এই সেলেসুতিৰ দলঙৰ যান-জঁটত আবদ্ধ হৈ পৰে। ফলত অতি মূল্যৱান সময় নষ্ট হয় আৰু ৰোগীৰ জীৱন সংকটাপন্ন হৈ পৰে। একেদৰে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো সময়মতে নিজৰ শিক্ষা প্ৰতিষ্ঠানত উপস্থিত হ’ব নোৱাৰি সমস্যাৰ সন্মুখীন হৈছে।
ৰাইজৰ দাবী: সোণতলী অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন আৰু যাতায়াতৰ সুচলতাৰ বাবে লোকনিৰ্মাণ বিভাগ (PWD) আৰু স্থানীয় প্ৰশাসনে সেলেসুতিৰ দলংখন সম্প্ৰসাৰিত কৰি এখন আধুনিক, দ্বিমুখী (Double-lane) পকী দলং নিৰ্মাণ কৰাটো অতি জৰুৰী হৈ পৰিছে।

One thought on “সোণতলীৰ সেলেসুতিৰ ঠেক দলং: এজাক গাড়ী পাৰ হ’লে ৰ’ব লাগে আনজাক! তীব্ৰ যান-জঁট ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register