নাজিৰাত চাফাই কৰ্মী আৰু আৰক্ষীৰ মুখামুখি

   পৌৰসভাৰ চাফাই কৰ্মীৰ কৰ্মবিৰতি অব্যাহত, পৌৰপতি-ৱাৰ্ড সদস্যই কৰিলে নগৰ চাফা

  • নাজিৰা, ১ অক্টোবৰ: নাজিৰা পৌৰসভাৰ চাফাই কৰ্মীসকলৰ স্থায়ীকৰণৰ দাবীত চলি থকা কৰ্মবিৰতি আন্দোলনৰ মাজতে বৃহস্পতিবাৰে নাজিৰাত সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। চাফাই কৰ্মীসকলে কৰ্মবিৰতি অব্যাহত ৰখাৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰী চাফাই কৰ্মীৰ মাজত মুখামুখি পৰিস্থিতিৰ সৃষ্টি হয়।

 

ইফালে নগৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থা ব্যাহত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পুৱাই নাজিৰা পৌৰসভাৰ পৌৰপতি আৰু ৱাৰ্ড সদস্যসকলে নিজে হাতে হাতে চাফাই অভিযানত নামি নগৰৰ বিভিন্ন স্থান পৰিষ্কাৰ কৰে। পৌৰপতি আৰু ৱাৰ্ড সদস্যসকলে মিলি পথ আৰু ৰাজহুৱা স্থানসমূহৰ আৱৰ্জনা পৰিষ্কাৰ কৰা দৃশ্য পুৱাই নাজিৰাত দেখা যায়।

 

আনহাতে, স্থায়ীকৰণৰ দাবীত পৌৰসভাৰ চাফাই কৰ্মীসকলৰ কৰ্মবিৰতি বৰ্তমানেও অব্যাহত আছে। আন্দোলনৰ পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে কেইবাগৰাকী চাফাই কৰ্মীক আটক কৰাৰ অভিযোগ উত্থাপিত হৈছে।

 

উল্লেখযোগ্য যে, নাজিৰা পৌৰসভাৰ চাফাই কৰ্মীসকলে স্থায়ী কৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত ২৬ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আন্দোলন আৰম্ভ কৰিছে। আন্দোলনৰ ফলত নগৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাত প্ৰভাৱ পৰিছে। পৰিস্থিতিক লৈ পৌৰসভা আৰু চাফাই কৰ্মীসকলৰ মাজত চলি থকা সমস্যাৰ সমাধান কেতিয়া হয়, সেয়া এতিয়া লক্ষ্যণীয় হ’ব।

Leave a Reply

BP NEWS Live
Logo Friday, 2 October 2026
Login / Register