ডিব্ৰুগড় জিলা AJYCPৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত, ভকত-বৈষ্ণৱৰ আশীৰ্বাদেৰে লাইখুটা স্থাপন!

ডিব্ৰুগড় জিলা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চমুকৈ AJYCPৰ আগন্তুক দ্বি-বাৰ্ষিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। অধিৱেশনখনৰ শুভাৰম্ভৰ প্ৰাকক্ষণত ভকত-বৈষ্ণৱৰ আশীৰ্বাদ আৰু ধৰ্মীয় পৰম্পৰাৰে লাইখুটা স্থাপন কৰা হয়।

এই লাইখুটা স্থাপনৰ জৰিয়তে অধিৱেশনখনৰ প্ৰস্তুতিয়ে আনুষ্ঠানিক ৰূপ লাভ কৰে। সংগঠনটোৰ বিষয়ববীয়া আৰু সদস্যসকলৰ মাজত অধিৱেশনক লৈ উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ জাতীয় স্বাৰ্থ, ভাষা-সংস্কৃতি আৰু খিলঞ্জীয়া জনসাধাৰণৰ বিভিন্ন বিষয়ক লৈ দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।

ডিব্ৰুগড় জিলা সমিতিৰ এই দ্বি-বাৰ্ষিক অধিৱেশনখনক কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ আশা কৰা হৈছে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 6 October 2026
Login / Register