এই ১৩ লাখৰ সৈতে কেৰিমিনতিয়ে নিজেও পৃথককৈ ২লাখ টকা তাত যোগ কৰাৰ কথাও সামাজিক মাধ্যমযোগে জনাইছে। এই ধন সংগ্ৰহত দৰ্শক আৰু দাতাসকলক সহযোগিতাৰ বাবে তেওঁ সকলোকে ধন্যবাদো জ্ঞাপন কৰিছে। কেৰিমিনতিয়ে এই ১৫ লাখ টকা ভাৰতকোষৰ জৰিয়তে এন ডি আৰ এফ লৈ প্ৰেৰণ কৰা হব। ভাৰতৰ হিমাচল প্ৰদেশ, অসম, গুজৰাটৰ বানপীড়িতলৈ এই ধন আগবঢ়োৱা হব।
বিপদৰ সময়ত জনতাৰ কাষত পূৰ্বেও থিয় দিছে কেৰিমিনতিয়ে। ২০২০ চনত অসম আৰু বিহাৰত হোৱা বানৰ ফলত ক্ষতিগ্ৰস্থ পৰিয়াললৈ তেওঁ লাইভষ্ট্ৰিমিং কৰি ১০,৩১,১৩৭ টকা বৰঙণি আগবঢ়াইছিল। সেই সংগ্ৰহৰ সৈতে তেওঁ নিজেও ১ লাখ টকা যোগ কৰি মুঠ বৰঙণি ১১.৩১ লাখ টকা আগবঢ়াইছিল।
উল্লেখ কৰা প্ৰয়োজন যে, শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ বৃহত্তৰ এলেকা বানত ক্ষতিগ্ৰস্থ হৈছে। বানৰ ফলত প্ৰায় ৪ লাখতকৈ অধিক লোকে ক্ষতিগ্ৰস্থ হৈছে। মৃতকৰ সংখ্যাও ৭৫ৰ পাৰ হৈছে। বৰ্তমানো বহুলোক সন্ধানহীন হৈ আছে। বিভিন্ন স্থানত এতিয়াও এঁকাঠু পৰ্যন্ত পানী থকাৰ তথ্য আহি আছে। ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে অসম চৰকাৰেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
