ছমৰীয়াৰ বদলা ৰাংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অতালি-পালি।গছ কাটি তহিলং কৰিলে বিদ্যালয় চৌহদ।৯ জোপাকৈ মূল্যৱান গছ কাটাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।সোণতলীত দেখা গৈছে এগৰাকী দায়িত্বশীল শিক্ষকৰ চৰম দায়িত্ব-জ্ঞান-হীন কাণ্ড। দক্ষিণ কামৰূপৰ ছমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বদলা ৰঙাপানী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্বাহজাহান আলী আহমেদৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। কাৰ আশীৰ্বাদত বিদ্যালয় চৌহদৰ ৯ জোপাকৈ ডাঙৰ মূল্যৱান গছ কাটি তহিলং কৰাৰ সাহস পালে । কোনো উৰ্ধতম কৰ্তৃপক্ষ বা বন বিভাগৰ অনুমতি নোলোৱাকৈয়ে বিদ্যালয় চৌহদত থকা ৯ জোপাকৈ বৃহৎ গছ কাটি উজাৰি পেলোৱাৰ অভিযোগ। যি সময়ত পৰিৱেশ সুৰক্ষা আৰু বৃক্ষৰোপণৰ বাবে চৰকাৰ তথা প্ৰশাসনে প্ৰচাৰ চলাই আহিছে, সেই সময়তে ছাত্ৰ-ছাত্ৰীক আদৰ্শ দেখুৱাবলগীয়া এজন প্ৰধান শিক্ষকে নিজেই গছ কাটি তহিলং কৰা কাৰ্যই স্থানীয় ৰাইজৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি কৰিছে। এনে কাণ্ডৰ পাছতে স্থানীয় ৰাইজে প্ৰধান শিক্ষক শ্বাহজাহান আলী আহমেদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনক দাবী জনাইছে।
গছ কাটি তহিলং কৰিলে বিদ্যালয় চৌহদ।
