গুৱাহাটী: ৰাজ্যজুৰি বান পৰিস্থিতিৰ পাছত বৰ্তমান উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ প্ৰচেষ্টা ব্যাপকভাৱে অব্যাহত আছে। এই সংকটকালীন সময়তে অসমৰ বানপীড়িত ৰাইজৰ বাবে এক ডাঙৰ তথা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে আগশাৰীৰ বিমান সংস্থা ‘এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে’। বিমান প্ৰতিষ্ঠানটোৱে বানপীড়িত অসমলৈ সাহায্য সামগ্ৰী পৰিবহণৰ বাবে সম্পূৰ্ণৰূপে মালবাহী চাৰ্জ (Cargo charges) ৰেহাই দিছে।
মান সংস্থাটোৱে জনোৱা মতে, পঞ্জীয়নভুক্ত বেচৰকাৰী সংস্থা (NGO) আৰু স্বীকৃতিপ্ৰাপ্ত সাহায্য সংস্থাসমূহে এই বিশেষ সুবিধা লাভ কৰিব। এই সংস্থাসমূহে কোনো ধৰণৰ ভাড়া নিদিয়াকৈ বিনামূলীয়াকৈ বানপীড়িত অঞ্চলসমূহলৈ মানৱীয় সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পাৰিব। অসমৰ বান প্ৰভাৱিত জনগোষ্ঠীসমূহৰ ওচৰত যাতে অতি প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পলম নোহোৱাকৈ আৰু সহজে গৈ পায়, সেই উদ্দেশ্যেই বিমান সংস্থাটোৱে এই জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই সুবিধাই ৰাজ্যখনৰ বান সাহায্য প্ৰক্ৰিয়াক অধিক ক্ষিপ্ৰ কৰি তুলিব বুলি আশা কৰা হৈছে।
এই মালবাহী ভাড়া ৰেহাইৰ সুবিধাটো প্ৰধানকৈ তিনিখন চহৰৰ পৰা গুৱাহাটী সংযোগী বিমানসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। বৰ্তমান এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীলৈ দৈনিক ১১ খন বিমান চলাই আছে।ইয়াৰে দৈনিক ৬ খন বিমান নতুন দিল্লী, ৩ খন বিমান বেংগালুৰু আৰু কলকাতা ২ খন বিমান অহা যোৱা কৰি আছে।
সাহায্য সামগ্ৰী হিচাপে কেৱল অত্যাৱশ্যকীয় আৰু মানৱীয় সা-সামগ্ৰীসমূহহে বিনামূলীয়াকৈ পৰিবহণ কৰা হ’ব। ইয়াৰ ভিতৰত আছে শুকান খাদ্য আৰু ৰেচন সামগ্ৰীখোৱা পানী আৰু জৰুৰী ঔষধ-পত্ৰস্বচ্ছতা আৰু অনাময় কিট (Hygiene & Sanitation kits)কাপোৰ-কানি, কম্বল আৰু টাৰ্পলিন।
যিবোৰ পঞ্জীয়নভুক্ত বেচৰকাৰী সংস্থা (NGO) বা স্বীকৃতিপ্ৰাপ্ত সাহায্য সংস্থাই এই সেৱা ল’ব বিচাৰে, তেওঁলোকে নিজৰ সংস্থাৰ চৰকাৰী নথিপত্ৰ আৰু সামগ্ৰীৰ সবিশেষ দি বিমান কৰ্তৃপক্ষৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব লাগিব। তাৰ বাবে বিমান সংস্থাই বিশেষ হেল্পলাইন মুকলি কৰিছে। ইমেইল আইডি: relief@airindiaexpress.com হেল্পলাইন নম্বৰ: +91 7982118680 ।
চৰকাৰী তথ্য অনুসৰি, বৰ্তমানলৈকে ৬৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ কেইবাখনো জিলাৰ প্ৰায় ৪.৪৫ লাখতকৈও অধিক লোক এতিয়াও বানৰ কৱলত আছে। বৰ্তমানবানৰ পানী কিছু পৰিমাণে শুকাইছে যদিও উদ্ধাৰ কাৰ্যৰ পৰা এতিয়া প্ৰশাসনৰ মূল লক্ষ্য বানপীড়িতৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানৰ ওপৰত কেন্দ্ৰীভূত কৰা হৈছে।
