ইছলামিক বৃত্তি পৰীক্ষা ৰ বঁটা বিতৰণী সভা সফলতাৰে সম্পন্ন কৰা হয়

জুৰীয়া, ২৩ জুলাইঃ নগাঁও জিলাৰ জুৰীয়াস্থিত আল-কোৰআন একাডেমী, কাওঁৱৈমাৰীৰ উদ্যোগত আয়োজিত ইছলামিক বৃত্তি পৰীক্ষা–২০২৬-ৰ বঁটা বিতৰণী সভা যোৱা ২৩/০৭২০২৬ তাৰিখে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সফলতাৰে সম্পন্ন হয়।

অনুষ্ঠানত মাননীয় মহছিন খান আৰু বিশিষ্ট ইছলামিক চিন্তাবিদ ড° ইলিয়াছ ওমৰী মাদানী বিশেষ অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে নৈতিক মূল্যবোধ আৰু ইছলামিক আদৰ্শ অনুসৰণৰ আহ্বান জনায়।

বৃত্তি পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক নগদ বঁটা, মানপত্ৰ, ট্ৰফী আৰু স্মাৰক প্ৰদান কৰি সন্মানিত কৰা হয়। অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীৰ উপস্থিতিয়ে অনুষ্ঠানখন অধিক সাফল্যমণ্ডিত কৰি তোলে।

অনুষ্ঠানৰ অন্তত পৰীক্ষা নিয়ন্ত্ৰক ফাৰিছ আহমেদে অনুষ্ঠান সফলভাৱে সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱা সকলো অতিথি, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register