উজনি অসমৰ বানপীড়িত লোকসকলৰ কাষত ৰূপহীহাট যুৱ পৰিষদৰ সভাপতি ইদ্ৰিছ আলী, জিলা প্ৰতিনিধি ইজাজ আহমেদ, ফাকলী যুৱ মণ্ডল সভাপতি ছফৰ আলী ডাঙৰীয়াই।
উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজত অসহায় বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰূপহীহাটৰ সমাজসেৱক তথা ৰূপহী হাট যুৱ পৰিষদৰ সভাপতি ইদ্ৰিছ আলী।
মানৱীয় দায়বদ্ধতাৰ পৰিচয় দি তেওঁ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰে।
দুৰ্যোগৰ এই কঠিন সময়ত তেওঁৰ এই মানৱীয় পদক্ষেপে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰশংসা লাভ কৰিছে। সমাজৰ সামৰ্থ্যবান ব্যক্তি আৰু বিভিন্ন সংগঠনকো বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হৈছে।
মানুহৰ দুখ-দুৰ্দশাৰ সময়ত মানুহৰ কাষত থিয় দিয়াই প্ৰকৃত মানৱতা।
