কামৰূপৰ ছমৰীয়া সমষ্টিৰ ভখুৰাদিয়া ৰংঙ্গেশ্বৰী আৰু টুপামাৰী গাওঁ পঞ্চায়ত সংযোগী ৰঙ্গেশ্বৰী পাম গাওঁৰ পৰা টুপামাৰী বজাৰলৈ যোৱা সদাব্যস্ত পথৰ কদৰ্যময় অৱস্থাই যাতায়তৰ নামত দীৰ্ঘদিনৰে পৰা যমৰ যাতানা ভোগাইছে পথচাৰীক। সামান্য বৰষুণ পৰিলে পথছোৱা যাতায়তৰ বাবে অনুপযোগী হৈ পৰে, গাড়ী মটৰ দূৰৰে কথা সাধাৰণ পথচাৰীয়ে খোজকাঢ়ি যাব নোৱাৰা অৱস্থা হৈ পৰে। কেৱল ভোটৰ সময়ত জনপ্ৰতিনিধি সকলে পথছোৱাৰ কাম কৰিব বুলি ভাষণৰ ফুলঝাৰী মাৰে আকৌ নিৰ্বাচন যোৱাৰ পিছত সকলো পাহৰি যায়। চৰকাৰৰ বিয়াগোম বিভাগটোক স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰিছে যদিও সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। পথছোৱাৰে প্ৰতিদিনে হাজাৰ হাজাৰ পথচাৰী, চিকিৎসালয়ত বেমাৰী, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বজাৰখনত কৃষক সকলে কৃষিজাত সামগ্ৰী বেচা কিনাৰ বাবে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষকৰ লগতে স্থানীয় জনপ্ৰতিনিধি পথছোৱা মেৰামতি কৰি দিয়াৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।
ৰঙ্গেশ্বৰী পাম-টুপামাৰী বজাৰ সংযোগী পথৰ কদৰ্যময় অৱস্থা যাতায়তৰ নামত নৰক যন্ত্ৰণাত ভুগিছে পথচাৰী
