লখিমপুৰ চিয়াজুলিৰ টেকনেষ্ট লাৰ্নিঙৰ ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অমৃত বিশ্বকৰ্মালৈ মুম্বাইৰ ডিজিটেল ইনফৰমেচন টেকনলজি এণ্ড ৰিচাৰ্চ ফৰ প্ৰফেচনে প্ৰদান কৰিলে তিনিটাকৈ বটাঁ।

নিজৰ দক্ষতা, মেধা আৰু একাগ্ৰ প্ৰচেষ্টাৰ বলত, কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চল আগবঢ়োৱা সেৱাৰ ফলত সুদুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মহানগৰী মুম্বাইৰ পৰা তিনিটাকৈ সন্মান বুটলিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ চিয়াজুলি দীৰ্ঘা মাজ গাঁওৰ উদ্যমী যুৱক তথা টেকনেষ্ট লাৰ্নিঙৰ ইনষ্টিটিউট নামৰ কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অমৃত বিশ্বকৰ্মা। যোৱা ২৭ ছেপ্তেম্বৰৰ দিনা মুম্বাইত ডিজিটেল ইনফৰমেচন টেকনলজি এণ্ড ৰিচাৰ্চ ফৰ প্ৰফেচন চমুকৈ ডিআই টিআৰপি নামৰ সংস্থাটোৱে মুম্বাইৰ আন্ধেৰী ইষ্টত আয়োজন কৰা এক অনুষ্ঠানত এই সন্মান প্ৰদান কৰে অমৃত বিশ্বকৰ্মা, ক। আন্ধেৰী ইষ্টৰ কহিনুৰ কন্টিনেলত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত টেকনেষ্ট লাৰ্নিঙৰ ইনষ্টিটিউটৰ জৰিয়তে পিছপৰা অঞ্চলৰ দৰিদ্ৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা সুলভ মূল্যৰ কম্পিউটাৰ শিক্ষাৰ বাবে, প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক অমৃত, ক একশ্বিলেঞ্চ অফ ইজুকেশ্বন এৱাৰ্ড ২০২৬, এচিভমেন্ট অফ দ্য ইয়েৰ এৱাৰ্ড ২০২৬ আৰু ইণ্ডিয়াজ টপ হাণ্ড্ৰেড ইনষ্টিটিউট এৱাৰ্ড ২০২৬ লাভ কৰে। অনুষ্ঠানত অমৃত বিশ্বকৰ্মা, ক এই বটাঁ প্ৰদান কৰে ডি আই টি আৰ পি, ৰ সঞ্চালক আমজাদ শ্বাঠে আৰু চনো শৰ্মাই। আনহাতে আধুনিক কম্পিউটাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে একেবাৰে তিনিটাকৈ বটাঁ লাভ কৰি সমগ্ৰ জিলাখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত নিজকে লৈ উৎফুল্লিত হৈ পৰিছে অমৃত বিশ্বকৰ্মা।

Leave a Reply

BP NEWS Live
Logo Tuesday, 6 October 2026
Login / Register