আই নৈৰ খহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়াৰ। বিধায়ক নুৰুল ইছলাম আৰু জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াৰ খহনীয়া পৰিদৰ্শন ।

Oplus_131072

১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অভিশাপ স্বৰূপ আই আৰু মানাহ নৈৰ খহনীয়াত সৰ্বস্ব হেৰুৱাইছে বহু পৰিয়ালে। পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ।

বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ মাজেৰে পাৰ হৈ যোৱা আই আৰু মানাহ নৈ দুখনে ভাগ ভাগ কৰিছে সমষ্টি খনক। প্ৰতিবছৰে আই নৈৰ ৰুদ্ৰমূৰ্তিৰ বাবে অঘৰী হয় বহু পৰিয়াল, সৰ্বস্ব নিস্ব হৈ ছাউনী পাতি আশ্ৰয় শিৱিৰত গৰু ছাগলীৰ সৈতে সহৱস্থান কৰিব লগা হয়। যি দৃশ্যই সকলোকে আৱেগিক কৰি তোলে। যোৱা বৰ্ষত আই নৈৰ গৰাখহনীয়া আৰু বানপানীৰ ফলত শতাধিক পৰিয়ালৰ ঘৰ বাৰী নৈৰ বুকুত উঠি যায়। মূৰৰ ঘাম মাটিত পেলাই গঢ়ি তোলা খেতি বাতি সমূহ পোত যায় আই নৈৰ বুকুত। নিশ্চিহ্ন হৈছে কেইবাখনো ৰাজহ গাওঁ তাৰ পিছতো চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলে ইয়াৰ প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা হাতত লোৱা দেখা নাযায়। প্ৰাক্তন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ঘৰৰ নিচেই কাষতে এই বৰ্ষত চলিছে প্ৰৱল গৰাখহনীয়া। অনিদ্ৰা-অনাহাৰে দিবা-ৰজনী পাৰ কৰিছে শ শ পৰিয়াল। উপায়ন্তৰ হৈ শিৱিৰ পাতি বাস কৰিবলগীয়া হৈছে। তেনে সময়ত বিধায়ক তথা বিভিন্ন ৰাজনৈতিক দল তথা একাংশ সংঘঠনৰ বাঘা বাঘা নেতা কৰ্মী সকলে সেই শিৱিৰ আৰু গৰাখহনীয়া স্থান পৰিদৰ্শন কৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰা দেখা যোৱাৰ বাহিৰে বাকী একো দেখা নাযায়। যেতিয়া নিজৰ চকুৰ সন্মুখত বছৰ বছৰ ধৰি সপোনত দেখি নিজৰ হাবিয়াস অনুযায়ী সজাই তোলা আপোন ঘৰ খন নিমিষতে নৈৰ বুকুত উঠি যায় তাতোকৈ বেদনা দায়ক আৰু কি হব পাৰে। ইফালে সৰ্বস্ব হেৰুৱাই সাধাৰণ এটা তিৰ্পালৰ তলত গৰু, ছাগলী লৈ কণ কণ সন্তান বুকুত লৈ বৰষুণ, ধুমুহাৰ মাজত ভোকে পিয়াহে নিশা পাৰ কৰিবলগীয়া হয়। প্ৰাক্তন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ বাসগৃহৰ কাষেৰে বৈ গৈছে আই নৈ। এগৰাকী বিধায়কে ইচ্ছা কৰিলে নিৰাপদ স্থানত হাবিয়াস অনুসৰি ঘৰ সজাব পাৰিব কিন্তু কি হব সাধাৰণ ৰাইজৰ। বিধায়ক তথা চৰকাৰে কেৱল যেতিয়া গৰাখহনীয়া হয় তেতিয়া গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে ভুক্তভোগী ৰাইজে। সমষ্টি খনৰ মূল সমস্যা ৰাস্তা-ঘাট আৰু গৰাখহনীয়া। ইমান দিনে কোনো চৰকাৰ তথা বিধায়কে এই সমস্যা সমাধানৰ বাবে মনে প্ৰাণে চেষ্টা কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। কেৱল নিৰ্বাচনৰ সময়ত একাংশ নেতা কৰ্মীয়ে ভোট সংগ্ৰহৰ উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে আই নৈৰ গৰাখহনীয়া আৰু ৰাস্তা-ঘাটৰ সমস্যাক। সমাধানৰ বাবে কোনো উল্লেখনীয় পদক্ষেপ লোৱা নাই বাবেই সমাধান হোৱা নাই বুলি জনায় বহু ভুক্তভোগী পৰিয়ালে। নিৰ্বাচনৰ সময়ত এইবোৰ সমস্যা সমাধানৰ টোপ দি ডাঙৰ ডাঙৰ ভাষণ দিয়ে কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাছত কোনো খবৰ নলয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিগত দিনত ২০ বছৰ ভূপেন ৰায়, ১০ বছৰ আব্দুল হাই নাগৰী আৰু ৫ বছৰ আব্দুল বাতিন খন্দকাৰে আই নৈৰ গৰাখহনীয়া ৰোধৰ কোনো বিশেষ পদক্ষেপ লোৱা নাই বুলি ৰাইজে ক্ষোভ উজাৰে লগতে কয় যে বৰ্তমানৰ বিধায়কেও এনে কোনো ব্যৱস্থা লোৱা নাই যি অৱস্থাৰ জড়িয়তে তৎকালীন ভাৱে তথা অহা বাৰিষাৰ পূৰ্বে ৰাইজে সকাহ পাব। অৱশ্যে বৰ্তমান বিধায়ক নুৰুল ইছলামে জিলা আয়ুক্তৰ লগতে কেবাজনো বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া লগত লৈ গৰাখহনীয়া পৰিদৰ্শন কৰি কয় যে পূৰ্বতে এই কামৰ সৱিশেষ চৰকাৰৰ ওচৰত দাখিল কৰা আছে,এতিয়া বিভাগীয় মন্ত্ৰীয়ে ধন মোকোলাই দিলেই কাম আৰম্ভ কৰিব পৰা যাব। এইবাৰ বাৰিষাৰ সময়ত যোৱা বৰ্ষৰ দৰে আকো কেইবা খনো ৰাজহ গাওঁ নোহোৱা হোৱাৰ সম্ভাৱনা দেখি ৰাইজ আতংকিত হৈ পৰিছে। কাৰণ পূৰ্বতে কেইবাখনো ৰাজহ গাওঁ নৈৰ বুকুত জাহ গৈছে। ইফালে ১০ লক্ষাধিক ভোটত জয় লাভ কৰা সাংসদ ৰকিবুল হুছেইনে এবাৰো এই ৰাইজৰ দুদৰ্শাৰ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ। সাংসদ জনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱা বুলি নৈপৰীয়া ৰাইজে জানিবলৈ দিয়ে। আমাৰ এক প্ৰশ্নৰ উত্তৰত একাংশ স্থানীয় ৰাইজে কয় যে সাংসদ জনক যদি বিভিন্ন দিশ চালি জাৰি চাই নম্বৰ দিয়া যায় তেন্তে তেখেতৰ নম্বৰ হব বিয়োগাত্মক। পৰৱৰ্তী সময়ত বিধায়ক, সাংসদ আৰু বৰ্তমানৰ চৰকাৰে কোনে ধৰণৰ ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হব।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register