২৯ নং পলাশবাৰী সমষ্টিৰ পানীখাইতীত অৱস্থিত কলহী নদীৰ ওপৰত নিৰ্মিত এখন বিশেষ দলং আজিকালি এক উদ্বেগজনক কাৰণত চৰ্চিত হৈ পৰিছে। এই দলংখন বিশেষকৈ একাংশ নৱপ্ৰজন্মৰ বাবে এক চিন্তাৰ বিষয় হৈ উঠিছে।
নিশাৰ অন্ধকাৰ নামি অহাৰ লগে লগে দলংখনত ভিৰ কৰে একাংশ যুৱক আৰু কিছুমান পুৰুষে। কিন্তু তেওঁলোক কোনো ইতিবাচক বা গঠনমূলক কামৰ বাবে ইয়াত একত্ৰিত নহয়; বৰঞ্চ মদ্যপানৰ আড্ডাৰ বাবেই দলংখনত সমবেত হয়।
এফালে প্ৰশাসনে বিভিন্ন ঠাইত মদৰ ঘাটি উচ্ছেদ কৰাৰ বাবে কঠোৰ অভিযান চলাই আছে, আনফালে একাংশ লোকে নিশাৰ সুযোগ লৈ গোপনে এনেদৰে মদ্যপান কৰি গৈছে। এই দৃশ্য সমাজৰ বাবে নিশ্চয় উদ্বেগজনক।
বিশেষকৈ চিন্তাৰ বিষয় হৈছে—নৱপ্ৰজন্মৰ একাংশ যুৱক কিয় এই পথ বাচি লৈছে? ইয়াৰ আঁৰত কি কাৰণ আছে? এই বিষয়সমূহ গভীৰভাৱে অনুধাৱন কৰাৰ প্ৰয়োজন আছে।
এই ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ। নিজৰ সন্তান ক’ত যায়, কাৰ লগত যায়, আৰু কি কামত জড়িত—এই সকলো দিশত সজাগ দৃষ্টি ৰখা প্ৰয়োজন। সন্তানৰ জীৱন সঠিক পথত আগবঢ়াবলৈ পৰিয়ালৰ সচেতনতা আৰু দায়িত্ববোধ অতি প্ৰয়োজনীয়।
এখন বিশেষ দলং আৰু একাংশ নৱপ্ৰজন্ম
