তেজপুৰত বিহু শিল্পী সংস্থা অসমৰ শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত বান সাহায্য সংগ্ৰহ

৩০ জুলাই: ‘মানুহে মানুহৰ বাবে’ শ্লগানৰে দুদিন ধৰি বিহু শিল্পী সংস্থা অসমৰ শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত উজনি অসমৰ বান পিড়ীত লোকসকলৰ বাবে সমগ্ৰ তেজপুৰত কিছু বান সাহায্য সংগ্ৰহৰ অভিযান আৰম্ভ কৰে শিল্পীসকলে । উক্ত কাৰ্যসূচীত জিলা সমিতি আৰু তেজপুৰ আঞ্চলিক সমিতিৰ লগতে আন আঞ্চলিক সমিতিৰ সকলো শিল্পীয়ে সহযোগিতা কৰা দেখা গ’ল । সকলোৱে এই মহান উদ্দেশ্যৰে হাতত লোৱা কাৰ্য্যটিত মুক্ত মনেৰে সহায় কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনায় সমূহ বিষয়ববীয়া সকলে ।

Leave a Reply

BP NEWS Live
Logo Tuesday, 29 September 2026
Login / Register