খৈৰামাৰীত প্ৰয়াত মোবাৰক আলী পাঠানৰ স্মৃতিত দোৱা মহফিল
নগাঁও উপ-নিৰ্বাচনৰ AIUDF প্ৰাৰ্থীৰ নাম ১৪ ছেপ্টেম্বৰত ঘোষণা: আব্দুৰ ৰহমান আজমল
নগাঁও জিলাৰ ধিঙৰ খৈৰামাৰীত খৈৰামাৰী আনৱাৰুল উলুম মাদ্ৰাছাৰ উদ্যোগত ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মাদ্ৰাছাখনৰ প্ৰাক্তন সভাপতি প্ৰয়াত আলহাজ মোবাৰক আলী পাঠানৰ স্মৃতিত এক বিশাল দোৱা মহফিল অনুষ্ঠিত হয়।
অনুষ্ঠানত মাদ্ৰাছাৰ সম্পাদক মৌলানা আব্দুল বাতিন, প্ৰাক্তন শিক্ষক আপতাব উদ্দিনকে ধৰি কেইবাজনো বক্তাই প্ৰয়াত নেতাগৰাকীৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে।
দোৱা মহফিলত দক্ষিণ শালমাৰাৰ প্ৰাক্তন বিধায়ক তথা মৌলানা বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমলে অংশগ্ৰহণ কৰি প্ৰয়াত মোবাৰক আলী পাঠানৰ কৱৰ জিয়াৰত কৰে। পিছত তেওঁ পাঠানৰ বাসগৃহলৈ গৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয় যে নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে AIUDF-ৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে তেওঁৰ নাম, বদৰুদ্দিন আজমল আৰু ৰেজাউল কৰিম চৰকাৰৰ নাম আলোচনাত আছে। অহা ১৪ ছেপ্টেম্বৰত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানত বিধায়ক মেহবুব মুক্তাৰ, প্ৰাক্তন বিধায়ক আব্দুল আজিজসহ প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।
