বানপানীৰ সময়ত নাজিৰাৰ যুৱকসকলৰ মানৱীয় পদক্ষেপ

Oplus_16908288

অসমত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ পৰিস্থিতিৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ দৰে শিৱসাগৰ জিলাৰ নাজিৰাৰ কেইগৰাকীমান যুৱকে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
GEG Global Foundation-ৰ সহযোগিতা আৰু বিভিন্ন শুভাকাংক্ষী তথা সাধাৰণ ৰাইজৰ সহায়-সহযোগিতাৰে নাজিৰাৰ এই যুৱকসকলে ২২ জুলাইৰ পৰা বানপানীৰ ফলত অধিক ক্ষতিগ্ৰস্ত হোৱা গাঁও আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চলসমূহত ধাৰাবাহিকভাৱে সাহায্য অভিযান চলাই আহিছে।

এই সাহায্য অভিযানৰ জৰিয়তে বানপীড়িত লোকসকলৰ মাজত খাদ্য সামগ্ৰী, দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী, ৰন্ধন সামগ্ৰী, কাপোৰ-কানি আদি বিতৰণ কৰাৰ লগতে প্ৰয়োজনীয় সহায় আগবঢ়োৱা হৈছে। বানপানীৰ ফলত অসুবিধাৰ সন্মুখীন হোৱা পৰিয়ালসমূহক সামান্য হ’লেও সকাহ দিয়াই এই অভিযানৰ মূল উদ্দেশ্য।

নাজিৰাৰ যুৱক নিৰজ চাহু, কমল মাহাতু, অভিজিৎ ছেত্ৰী, ৰনিক ঘোষ, আশীষদেৱ নাথ আৰু বৈশিষ্ট্য দেৱৰ নেতৃত্বত এই Food Distribution আৰু Flood Relief Drive ধাৰাবাহিকভাৱে চলি আছে।
বানপীড়িত ৰাইজৰ কাষত থিয় হৈ মানৱীয় সহায় আগবঢ়োৱাৰ এই প্ৰচেষ্টাই সমাজৰ আন লোকসকলকো এনে দুৰ্যোগৰ সময়ত আগবাঢ়ি আহি সহায়ৰ হাত আগবঢ়াবলৈ উৎসাহিত কৰিছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register