মৰণফান্দত পৰিণত হৈছে গুমী-নগৰবেৰা সংযোগী PWD পথ! নিশা হ’লেই বাঢ়ে সাপৰ আতংক, টোপনি ভাঙিবনে গড়কপ্তানি বিভাগৰ?
কোনোবা দিনা যদি আপুনি নিশাৰ ভাগত ঘৰলৈ উভতিছে, আৰু হঠাতে আন্ধাৰৰ মাজত আপোনাৰ সন্মুখলৈ ওলাই আহে এটা বিষাক্ত সাপ অথবা কোনো হিংস্ৰ জীৱ-জন্তু— কেনে লাগিব আপোনাৰ? নিশ্চয় শিহৰণকাৰী! কিন্তু বৰ্তমান ঠিক এনে এক ভয়ংকৰ পৰিস্থিতিৰ মাজেৰেই প্ৰতিটো দিন পাৰ কৰিবলগীয়া হৈছে গুমী-নগৰবেৰা সংযোগী মথাউৰি PWD ৰ পকী পথচাৰীয়ে । যিটো পথ বৰ্তমান সম্পূৰ্ণৰূপে আৱৰি ধৰিছে ঘন জংঘলে। এইয়া কোনো অভয়াৰণ্য বা বনাঞ্চলৰ দৃশ্য নহয়। গুমী-নগৰবেৰা সংযোগী মথাউৰিৰ PWD পকী পথৰ বৰ্তমানৰ বাস্তৱ ছবি। দিনৰ পোহৰত কেনেবাকৈ পাৰ হ’ব পাৰিলেও, নিশা নামি অহাৰ লগে লগেই এই পথচোৱা এতিয়া পৰিণত হয় এক মৰণফান্দত। পথৰ দুয়োকাষে থকা হাবি-বন ইমানেই বাঢ়ি গৈছে যে বিপৰীত দিশৰ পৰা অহা বাহনখনো দেখা পোৱাটো অসম্ভৱ হৈ পৰিছে।বৰ্তমান বাৰিষাৰ দিন চাৰিওফালে পানী থকাৰ বাবে মথাউৰিৰ এই ওখ পথটোলৈ এতিয়া আশ্ৰয় বিচাৰি ওলাই আহিছে বিষাক্ত সাপ তথা অন্যান্য জীৱ-জন্তু। স্থানীয় ৰাইজৰ অভিযোগ— নিশাৰ ভাগত পথচোৱাৰে খোজকাঢ়ি যোৱাটো দূৰৰে কথা, বাইক বা অন্যান্য বাহনেৰে যাওঁতেও প্ৰতি মুহূৰ্ততে থাকে সৰ্পদংশনৰ তীব্ৰ আশংকা। যিকোনো মুহূৰ্ততে থকা-সৰকা কৰিব পাৰে কোনো ডাঙৰ দুৰ্ঘটনাই।কিন্তু ইয়াৰ পিছতো টোপনি ভাঙিছেনে গড়কপ্তানি বিভাগৰ?কোনে চাফা কৰিব এই পথ? কিয় চকু মেলা নাই স্থানীয় প্রশাসন বা PWD বিভাগৰ? সঁচাকৈয়ে, এক অত্যন্ত স্পৰ্শকাতৰ সমস্যা। জনসাধাৰণে কৰ দিয়া টকাৰে নিৰ্মাণ হোৱা PWD পথ এটাৰ চোৱা-চিতা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ আহৰি নাই কিয়, তাক লৈ এতিয়া উঠিছে হাজাৰটা প্ৰশ্ন। কোনোবা এজন পথচাৰী সৰ্পদংশনৰ বলি হোৱাৰ পিছতহে সাৰ পাব নেকি বিভাগীয় কৰ্তৃপক্ষ? নে তাৰ পূৰ্বেই গ্ৰহণ কৰা হ’ব কোনো ব্যৱস্থা?

Good job
Good