লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি চাহ বাগিছাত, শ্ৰমিকৰ মজুৰিৰ ধন কৰ্তন কৰি একাউন্টৰ জৰিয়তে প্ৰদান কৰা কাৰ্যৰ বিৰূদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বাগিচাখনৰ শ্ৰমিক সকলে। উল্লেখ্য যে, বাগিচাখনৰ চাহ শ্ৰমিক সকলক প্ৰতি পোন্ধৰ দিনৰ মূৰে মূৰে শ্ৰমিক সকলক মজুৰিৰ ধন প্ৰদান কৰিছিল বাগিচা কৰ্তৃপক্ষই। বহু বছৰ ধৰি দৰমহা সপ্তাহ হিচাপে শুক্ৰবাৰৰ দিনটোত বিয়লি তিনি বজাৰ পৰা নগদ টকাৰে মজুৰিৰ ধন প্ৰদান কৰা নিয়ম চলি আছিল বাগিছাখনত। কিন্তু বাগিছাখনৰ শ্ৰমিক তথা শ্ৰমিক সংগঠনৰ বাৰম্বাৰ আপত্তি স্বতেও বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলক আজি সম্পুৰ্ণ নগদ ধনেৰে মজুৰি প্ৰদান কৰাৰ সলনি মজুৰিৰ আধা ধন নগদ আৰু আধা ধন একাউন্টৰ জৰিয়তে প্ৰদান কৰে। এই কথাতেই, দৰমহা লবলৈ কাৰ্যলয় চৌহদত সমবেত হোৱা হাজাৰোধিক চাহ শ্ৰমিক সকল উত্তেজিত হৈ পৰি পৰিচালকৰ কাৰ্যলয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। শ্ৰমিক সকলে এনে ৰৌদ্ৰ ৰূপ ধাৰণ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত বাগিচা পৰিচালকে আত্মগোপন কৰাৰ অভিযোগ উঠাৰ বিপৰীতে বাগিচাখনৰ অন্য কৰ্মচাৰী সকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। যদিও উত্তেজিত প্ৰতিবাদী শ্ৰমিকসকলৰ দাবী, পোন্ধৰ দিনৰ মুৰত কঠোৰ শ্ৰমৰ বিনিময়ত লাভ কৰা মজুৰি নগদ ধনেৰে দিব লাগিব বাগিচা কৰ্তৃপক্ষই। যিহেতু সাধাৰণ খাটিখোৱা শ্ৰমিক সকলৰ বহুতৰ বাবে একাউন্টত থকা ধন উলিওৱাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ বলগীয়া হয়। সেয়ে বিষয়টো বাগিচা কৰ্তৃপক্ষক জনোৱা স্বত্বেও গুৰুত্ব নিদিয়াত, শ্ৰমিক সকলে উগ্ৰ হৈ পৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ফটো আছে।
লখিমপুৰৰ চিয়াজুলি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি, মজুৰিৰ ধন একাউন্টত প্ৰদান কৰাক লৈ পৰিচালকৰ কাৰ্যলয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বাগিচাখনৰ শ্ৰমিক সকলে ।
