লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চৰাইমৰীয়াৰ পৰা কালি নিশা অভিযান চলাই ১১ টা চোৰাং গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত থকা দুজন লোকক আটক কৰে বগীনদী আৰক্ষীয়ে। আৰক্ষী সুত্ৰে প্ৰকাশ কৰা তথ্য মতে, বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰপাত্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দলটোৱে কালি নিশা ৯.৩০ বজাত ধেমাজি জিলাৰ গোগামুখৰ পৰা চামগুৰিলৈ গৈ থকা এ এছ ১২ চি চি ৩৩৯২ নম্বৰৰ এখন বলে’ৰ পিক আপ ভানত কঢ়িয়াই নিয়া ১১টা চোৰাং গৰু জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত থকা গাড়ীখনৰ চালক সহ দুজন লোকক আটক কৰে ।আৰক্ষীয়ে আটক কৰা চালকজন মৰিগাঁও জিলাৰ ৰূপহী থানাৰ অন্তৰ্গত আমবাগানৰ নুৰ জামালৰ পুত্ৰ নুৰ হুছেইন( ২৭)আৰু ভুৰাগাঁৱ মালখুৰ আকবৰ আলিৰ পুত্ৰ চামুচুদ্দিন (২৬) ক আটক কৰিবলৈ সক্ষম হয়।
লখিমপুৰৰ চৰাইমৰীয়াত বগীনদী আৰক্ষীৰ অভিযানত ১১ টা চোৰাং গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত দুজনক আটক ।
