লখিমপুৰ জিলা শিক্ষা বিভাগৰ অধীনৰ তথা বগীনদীৰ লালপানী কুলাবালি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক আজি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। ১৯৮৫ চনতে প্ৰতিষ্ঠাপক শিক্ষক হিচাপে লালপানী কুলাবালি এম ই স্কুলত যোগদান কৰি চলিত বৰ্ষৰ ৩১ মে, ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰপৰা, সম্বৰ্ধনা পত্ৰ, সঁফুৰা, ফুলাম গামোচা, ঢাকা টুপি, ছাতি, কিতাপ, ফুলৰ থোপা আদি উপহাৰেৰে বিদায় সম্বৰ্ধনা জনাই। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গজেন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক কোষেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক শুভম চাংমাই, ডিম্বেশ্বৰ খাউণ্ড, ১৫০ নং বগীনদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰলাল ৰাই, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দূৰ্গা দাঙি, স্থানীয় জেষ্ঠ্য সমাজকৰ্মী নাৰায়ণ ছেত্ৰীকে ধৰি অন্য বহুকেইজন লোক উপস্থিত থাকে।
লালপানী কুলাবালি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক বিদায় সম্বৰ্ধনা ।
