অসমৰ বানপীড়িতৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আনফৰ ফাউণ্ডেচনৰ ২০ লাখ টকা

অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে আনফৰ ফাউণ্ডেচনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। এই উপলক্ষে আনফৰ ফাউণ্ডেচনৰ প্ৰতিনিধি মোস্তাক আনফৰ, ফিৰোজ আহমেদ আৰু গুল আখতাৰাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সাহায্যৰ ধন প্ৰদান কৰে।

এই সাক্ষাৎকালত বানপীড়িত অঞ্চলসমূহৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। দুৰ্যোগৰ এই কঠিন সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈ মানৱীয় সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত আনফৰ ফাউণ্ডেচনৰ এই পদক্ষেপক বিশেষভাৱে উল্লেখযোগ্য বুলি বিবেচনা কৰা হৈছে।

এই কাৰ্যসূচীত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীও উপস্থিত থাকে। অসমৰ বানপীড়িত ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানে আগবঢ়াই অহা সহায়-সহযোগিতাৰ মাজতে আনফৰ ফাউণ্ডেচনৰ এই আৰ্থিক সাহায্যই বানপীড়িতসকলৰ পুনৰ্বাসন আৰু সাহায্য কাৰ্যসূচীত কিছু পৰিমাণে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register