লখিমপুৰ চিয়াজুলিত এজন লোকৰ আত্মহত্যা। আত্মহত্যা কৰা লোকজন বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলি দীৰ্ঘা নাহৰবাৰী ৰাউত চুকৰ দল বাহাদুৰ ৰাই (৫৫)বুলি জানিব পৰা গৈছে। পত্নীৰ সৈতে ঘৰত অকলে থকা লোকজনে, আজি পত্নী ঘৰত নথকাৰ সুযোগ লৈ ঘৰৰ ভিতৰতে গামোছাৰে ডিঙিত চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদিও ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
লখিমপুৰৰ চিয়াজুলিত এজন লোকৰ আত্মহত্যা।
