ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত এক্সেলেন্ট একাডেমীত উলহ-মালহেৰে শিক্ষক দিৱস উদযাপন।

দক্ষিণ কামৰূপৰ সোণতলীৰ উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান এক্সেলেন্ট একাডেমীৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ একনিষ্ঠ উদ্যোগত আজি বিদ্যালয় প্রাঙ্গণত বৰ্ণিল কাৰ্যসূচীৰে পৱিত্র শিক্ষক দিৱস উদযাপন কৰা হয়। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মজয়ন্তী উপলক্ষে আয়োজিত এই বিশেষ অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সম্মান জ্ঞাপন কৰা হয়।
দিনৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ মুকলি সভা। এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষক হামিদুল ইছলাম। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যে কয়, “শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক হ’ল সমাজ গঠনৰ ঘাই ভেটি। এজন আদর্শ শিক্ষকেহে এখন সুন্দৰ সমাজ উপহাৰ দিব পাৰে।”
অনুষ্ঠানত এক্সেলেন্ট একাডেমীৰ স্বত্বাধিকাৰী এম মকিবুৰ ৰহমান, অধ্যক্ষ মহৰ আলী আহমেদ আৰু উপ-অধ্যক্ষ হাছিব আনছাৰী উপস্থিত থাকে। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ এনে সুন্দৰ আয়োজনৰ ভূয়সী প্ৰশংসা কৰে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি উপদেশমূলক বক্তব্য আগবঢ়ায়।
ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ প্রিয় শিক্ষক-শিক্ষয়িত্ৰীসকলক ফুলৰ থোপা, ফুলাম গামোচা আৰু উপহাৰেৰে বিশেষ শ্ৰদ্ধা জনায়। কাৰ্যসূচীৰ শেষৰ ফালে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়, যিয়ে সমগ্ৰ পৰিবেশ উৎসবমুখৰ কৰি তোলে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register