কুমৈ *আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰী শৌচাগাৰ আৰু তাঁত শাল উদ্যোগৰ শুভ উদ্বোধন*

কুমৈ *আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰী শৌচাগাৰ আৰু তাঁত শাল উদ্যোগৰ শুভ উদ্বোধন*

লাহৰীঘাট, ১ আগষ্ট: মাননীয় ৰাজ্যপালৰ বিবেচনাধীণ পুঁজিৰ অধীনত নিৰ্মিত ছাত্ৰী শৌচাগাৰ আজি মৰিগাঁও জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰী, ACS-এ কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী অনুসূয়া শৰ্মা, ACS, মৰিগাঁও জিলা বিদ্যালয় পৰিদৰ্শক, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

এই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সহযোগত, মৰিগাঁৱৰ উদ্যোগী শ্ৰীমতী মেঘালী দাস-এ বিদ্যালয়খনলৈ এখন তাঁতৰ শাল দান কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ছাত্ৰীসকলৰ মাজত হস্ততাঁত দক্ষতা বিকাশ, আত্মনিৰ্ভৰশীলতাৰ মানসিকতা গঢ়ি তোলা আৰু জীৱিকামুখী প্ৰশিক্ষণৰ সুযোগ সৃষ্টি কৰা।

এই পদক্ষেপে বিদ্যালয়খনত ছাত্ৰীসকলৰ বাবে উন্নত অনাময় ব্যৱস্থা নিশ্চিত কৰাৰ লগতে দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাক অধিক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register