নাজিৰাত ৰাইজৰ দলৰ বিশাল গণসমাৱেশ তিনিটা মূল দাবী ভিত্তিত আজিৰ গণসমাৱেশ অনুষ্ঠিত কৰে

নাজিৰা, ৬ ছেপ্টেম্বৰ ২০২৬:
১৯ জুলাইত উজনি অসমত সংঘটিত হোৱা ভয়াৱহ মহাপ্ৰলয়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ প্ৰদান, প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান আৰু সমগ্ৰ মহাদুৰ্যোগৰ ওপৰত CBI তদন্তৰ দাবীত আজি নাজিৰাত ৰাইজৰ দলৰ নাজিৰা সমষ্টি সমিতিৰ উদ্যোগত এক বিশাল গণসমাৱেশ অনুষ্ঠিত হয়।

গণসমাৱেশত নাজিৰাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বৃহৎ সংখ্যক প্ৰলয়পীড়িত ৰাইজে অংশগ্ৰহণ কৰে। সমাৱেশত বক্তাসকলে ১৯ জুলাইৰ মহাপ্ৰলয়ত বিধ্বস্ত প্ৰতিটো পৰিয়ালৰ ক্ষয়-ক্ষতিৰ উচিত মূল্যায়ন কৰি ন্যায্য ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰে। লগতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থকা প্ৰকৃত দৰিদ্ৰ আৰু যোগ্য পৰিয়ালসমূহক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ দাবী জনোৱা হয়।

ইয়াৰ উপৰি ১৯ জুলাইৰ মহাপ্ৰলয়ৰ প্ৰকৃত কাৰণ, ক্ষয়-ক্ষতি আৰু সমগ্ৰ ঘটনাৰ ওপৰত এক নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ CBI তদন্তৰ দাবীও উত্থাপন কৰা হয়।

আজিৰ গণসমাৱেশত নাজিৰাৰ প্ৰলয়পীড়িত ৰাইজে নিজৰ ন্যায্য অধিকাৰৰ বাবে ৰাজহুৱা শপত গ্ৰহণ কৰি দাবীসমূহ পূৰণ নোহোৱালৈকে গণতান্ত্ৰিকভাৱে সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে আৰু চৰকাৰক প্ৰলয়পীড়িত ৰাইজৰ সমস্যাসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register