বিলাসীপাৰাত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট: ১০ দফীয়া দাবী পূৰণৰ বাবে চৰকাৰলৈ আহ্বান
বিলাসীপাৰা, ১৫ ছেপ্টেম্বৰ:
সদৌ অসম সংখ্যাৰঘু ছাত্ৰ ইউনিয়ন (আমছু)-ৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আজি ১৫ ছেপ্টেম্বৰ (মঙ্গলবাৰ) পুৱা ১১:০০ বজাৰ পৰা বিলাসীপাৰা সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক ২ (দুই) ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।
উক্ত কাৰ্যসূচীত সংগঠনটোৱে নিজৰ ১০ দফীয়া দাৱীসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰে।
আমছুৰ প্ৰধান দাবীসমূহ:
১. National Identity Card প্ৰদান কৰা।
২. উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা।
৩. ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰা।
৪. উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ কৰা।
৫. সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ কৰা।
৬. মাটি ক্ৰয়-বিক্ৰয়ত চলি থকা বৈষম্য আৰু নিষেধাজ্ঞা দূৰ কৰা।
৭. সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই শান্তি-সম্প্ৰীতি বিনষ্ট কৰা ব্যক্তিৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা।
৮. ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত Associate Professor নিযুক্তি দিয়া।
৯. উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত PG Teacher নিযুক্তি দিয়া।
১০. ৰাজ্যৰ মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুসৰি পৰ্যাপ্ত আসনৰ ব্যৱস্থা কৰা।
আমছুৰ প্ৰতিনিধিসকলে কয় যে এই ন্যায়সংগত দাবীসমূহ আশু সমাধান নকৰিলে অনাগত দিনত কাৰ্যসূচী আৰু অধিক তীব্রতৰ কৰি তোলা হ’ব।
