মালিবাৰী সত্ৰত চৰকাৰী ভূমি অবৈধ বেদখলকাৰী উচ্ছেদ চলাবলৈ ৰাইজৰ দাবী #উচ্ছেদৰ জাননীক কেন্দ্ৰ কৰি উদ্বেগ, পুনৰ ১৫ দিনৰ সময়সীমা প্ৰদান ৰাজহ চক্ৰ বিষয়াৰ

নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মালিবাৰী সত্ৰ গাঁৱত চৰকাৰী ভূমি দখলমুক্ত কৰাৰ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি পুনৰ চৰ্চা আৰম্ভ হৈছে। নগৰবেৰা ৰাজহ চক্ৰৰ বিষয়াই জাৰি কৰা এক আদেশ অনুসৰি মালিবাৰী সত্ৰৰ দাগ নং ৯৭ আৰু ৯৮ত থকা চৰকাৰী ভূমিৰ পৰা দখল আঁতৰাবলৈ দুজন ব্যক্তিক পুনৰ ১৫ দিনৰ সময়সীমা প্ৰদান কৰা হৈছে।আদেশত উল্লেখ কৰা মতে, মালিবাৰী সত্ৰৰ বাসিন্দা কৰিম আলী আৰু ছাহজাহান আলীক পূৰ্বে ২১ আগষ্ট ২০২৬ তাৰিখে জাৰি কৰা নিৰ্দেশ অনুসৰি চৰকাৰী ভূমিৰ ওপৰত থকা সকলো অবৈধ দখল ১৫ দিনৰ ভিতৰত আঁতৰাবলৈ কোৱা হৈছিল। সেই সময়সীমা ৪ ছেপ্টেম্বৰ ২০২৬ত সমাপ্ত হৈছিল।কিন্তু সংশ্লিষ্ট ব্যক্তিসকলক অন্য স্থানলৈ স্থানান্তৰিত হ’বলৈ অধিক সময় দিয়াৰ স্বাৰ্থত নগৰবেৰা ৰাজহ চক্ৰ বিষয়াই পুনৰ ৫ ছেপ্টেম্বৰ ২০২৬ৰ পৰা ১৯ ছেপ্টেম্বৰ ২০২৬লৈকে অতিৰিক্ত ১৫ দিনৰ সময়সীমা মঞ্জুৰ কৰিছে। এই সময়ৰ ভিতৰত চৰকাৰী ভূমি খালী কৰি সকলো দখল আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে। আদেশত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ভূমি খালী নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু বলপূৰ্বক উচ্ছেদ অভিযান চলাই চৰকাৰী ভূমি উদ্ধাৰৰ পদক্ষেপ লোৱা হ’ব।উল্লেখ্য যে, এই সন্দৰ্ভত নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ে কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভূমি বন্দোবস্ত শাখা আৰু উপায়ুক্তৰ ব্যক্তিগত সহায়কৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰীকো এই সন্দৰ্ভত লিখিত ভাবে অৱগত কৰিছে অঞ্চলবাসী ৰাইজে। উল্লেখ থাকে যে, মালিবাৰী সত্ৰ গাঁৱৰ কৰিম আলীৰ নামত ২৯৯ পাট্টা ৯৯ নং দাগৰ মেধি মাটি আছে আৰু তেওঁৰ পিতৃ ছেকেন্দাৰ আলীৰ নামতো ২৬০ নং পট্টাৰ ১০৯৮ নং দাগৰ মেধি মাটিৰ উপৰিও বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিভিন্ন চৰ-চাপৰি অঞ্চলত বহু মাটি ভোগ দখল কৰি আছে যদিও উল্লেখিত লোক দুজনে বলপূৰ্বক ভাবে ধন বল বাহুবলেৰে মালিবাৰী সত্ৰৰ গাতে লাগি থকা ৰাইজৰ সংৰক্ষিত চৰকাৰী ভূমিত অনাধিকাৰী ভাবে দখল কৰি মইমতালিৰে চৰকাৰী নীতিনিয়মক বুঢ়া আঙুলি দেখোৱাই সম্পূৰ্ণ অবৈধ ভাবে বাসগৃহ(বিল্ডিং) সজাইছে৷ ইয়াকে লৈ ৰাইজে ক্ষোভিত হৈ পৰিছে। ইপিনে বাৰম্বাৰ এই উচ্ছেদ জাননী প্ৰেৰণ কৰে যদিও কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত বৃহত্তৰ মালিবাৰী সত্ৰ অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ অতিশীঘ্ৰে চৰকাৰী ভূমিত ছেকেন্দাৰ আলীৰ পুত্ৰ কৰিম আলীয়ে চৰকাৰী ভূমিত অবৈধ ভাবে সজা বাসগৃহ (বিল্ডিং) উচ্ছেদ কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগ, জিলা প্ৰশাসন, নগৰবেৰা ৰাজহচক্ৰৰ চক্ৰ বিষয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে বৃহত্তৰ মালিবাৰী সত্ৰ গাওঁৰ সৰ্বসাধাৰণ ৰাইজে।

Leave a Reply

BP NEWS Live
Logo Saturday, 19 September 2026
Login / Register