ধিঙৰ ২নং লহকৰঘাট বৰনামঘৰৰ সিংহাসন প্ৰতিষ্ঠা,“নৃসিংহ অৱতাৰ” ভাওনা প্ৰদৰ্শন৷

ধিঙৰ ২নং লহকৰঘাট বৰনামঘৰৰ সিংহাসন প্ৰতিষ্ঠা,“নৃসিংহ অৱতাৰ” ভাওনা প্ৰদৰ্শন৷

নগাঁও জিলাৰ ধিঙৰ ২নং লহকৰঘাট বৰনামঘৰৰ সিংহাসন প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি কালি নামঘৰৰ প্ৰাংগনত “নৃসিংহ অৱতাৰ ” নামৰ এখনি ভাওনা প্ৰদৰ্শন কৰা হয়৷ কাৰ্যসূচী অনুসৰি আৰম্ভণিতে ১৭ ছেপ্তেম্বৰ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন সন্ধ্যা ৬ বজাত গন্ধিকা,১৮ ছেপ্তেম্বৰ পুৱা ৫ বজাত প্ৰাত: প্ৰসংগ ও খোল প্ৰসংগ, পুৱা৭ বজাত ধৰ্মধ্বজা উত্তোলন,৮ বজাৰ পৰা শ্ৰীশ্ৰী মহাভাগৱত পাঠ,সন্ধ্যা ৬ বজাৰ পৰা স্হানীয় গায়ন- বায়ন সকলৰ দ্বাৰা ভাওনা যোৰা পৰিবেশন৷
নিশা ৮ বজাত ভাওনা মঞ্চ উদ্বোধন কৰে কপিলী উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্ত্ৰা তথা সমাজ সেৱক বিদ্যুৎ হাজৰিকাই৷ লগতে অতিথি সকলৰ সম্বৰ্ধনা অনুষ্ঠান৷ নিশা ৯ বজাৰ পৰা স্হানীয় আৰু আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা “নৃসিংহ অৱতাৰ” ভাওনা প্ৰদৰ্শনেৰে অনুষ্ঠান সামৰণি পৰে৷

Leave a Reply

BP NEWS Live
Logo Monday, 21 September 2026
Login / Register