পুনৰ ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে টুপামাৰীত আৰক্ষীৰ অভিযান  ৪ জনক গ্ৰেপ্তাৰ  #চাইবাৰ জালিয়াতিৰ তদন্তত বৃহৎ পৰিমাণৰ বেংকিং সামগ্ৰী জব্দ

নগৰবেৰা থানাৰ গোচৰ নং ৬২/২০২৬ৰ ভিত্তিত সন্দেহযুক্ত চাইবাৰ জালিয়াতিৰ ঘটনা সন্দৰ্ভত কামৰূপ আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰিছে।তদন্তৰ অংশ হিচাপে বিভিন্ন স্থানত চলোৱা তালাচীত আৰক্ষীয়ে একাধিক বেংক চেকবুক, পাছবুক, এটিএম আৰু ডেবিট কাৰ্ড, ডিজিটেল পেমেণ্ট কিউআৰ কোড আৰু মোবাইল ফোন জব্দ কৰে।আৰক্ষীৰ মতে, এটা বেংক একাউণ্টৰ জৰিয়তে সংঘটিত হোৱা একাধিক সন্দেহজনক লেনদেনৰ তথ্য লাভ কৰা হৈছে। বেংক নথি আৰু ডিজিটেল প্ৰমাণৰ সহায়ত সন্দেহযুক্ত ধনৰ গতিপথ আৰু সংশ্লিষ্ট একাউণ্টসমূহৰ তথ্য পৰীক্ষা কৰি থকা হৈছে।এমদাদুল হকৰ বাসগৃহৰ পৰা ২খন চেকবুক, ৪খন পাছবুক, এইচডিএফচি বেংকৰ এটিএম কাৰ্ড আৰু এটা ভিভো’ মোবাইল ফোনসহ বিভিন্ন নথি জব্দ কৰা হয়।

আনহাতে, সোণতলী আৰক্ষীৰ চকীৰ অন্তৰ্গত টাংগনমাৰীত শ্বেখ আবু মাছুদ আহমেদৰ বাসগৃহত চলোৱা তালাচীত ৭খন চেকবুক, ১২খন পাছবুক/সম্পৰ্কীয় নথি, ১০খন এটিএম/ডেবিট কাৰ্ড, ৩টা কিউআৰ কোড আৰু দুটা মোবাইল ফোনসহ বিভিন্ন গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ কৰা হয়।আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ জৰিয়তে সন্দেহযুক্ত ধনৰ লেনদেন, ডিজিটেল যোগাযোগ আৰু আন সম্ভাব্য সহযোগীৰ ভূমিকা অনুসন্ধান কৰা হৈছে।টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপপৰিদৰ্শক চম্পক কলিতাৰ নেতৃত্বত, বকো-চয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ তত্বাৱধানত অভিযানটো চলোৱা হয়।ঘটনাৰ অধিক তদন্ত অব্যাহত আছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 23 September 2026
Login / Register