নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এন ডি এ মনোনীত প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী পিযুষ হাজৰীকা  সৈতে ৰহা নগৰ সমিতিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ।

 

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এন ডি এ মনোনীত প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী পিযুষ হাজৰীকা  সৈতে ৰহা নগৰ সমিতিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ। এই সভাখনৰ জৰিয়তে আমাৰ দলত যোগদান কৰা বহু ব্যক্তিক আদৰণি জনালোঁ।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  দেশ আৰু অসমত অব্যাহত থকা উন্নয়ন, জনকল্যাণ আৰু প্ৰগতিৰ ধাৰাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাইজ আৰু দলীয় কাৰ্যকৰ্তাসকলৰ উৎসাহ-উদ্দীপনাই সভাখন অধিক উজ্জীৱিত কৰি তোলে। ৰাইজৰ এই স্বতঃস্ফূৰ্ত উপস্থিতি আৰু সমৰ্থনে এন ডি এ-ৰ নিশ্চিত বিজয়ৰ প্ৰতিচ্ছবি বহন কৰিছে।

এই প্ৰচাৰ সভাত ৰহা পৌৰসভাৰ পৌৰপতি শ্ৰীযুতা বন্তি হাজৰীকা ডাঙৰীয়ানী, অনুসূচীত জনজাতি মৰ্চা, অসম প্ৰদেশৰ উপ-সভাপতি শ্ৰী প্ৰণবজ্যোতি মছৰং ডাঙৰীয়া, ৰহা সমষ্টিৰ বিস্তাৰক শ্ৰী নন্দলাল চৌহান ডাঙৰীয়া, ফুলগুৰি-বাৰ’পূজীয়া জিলা পৰিষদৰ সদস্যা শ্ৰীযুতা ৰূপজ্যোতি বৰদলৈ বাৰপূজীয়া মণ্ডলৰ সভাপতি  নীলোৎপল লাহন  কমাৰগাঁও মণ্ডলৰ সভাপতি  ভাস্কৰজ্যোতি পাটৰ পাখিমৰীয়া-জামুগুৰি জিলা পৰিষদৰ সদস্য শ্ৰী অৰ্ণব দাস চাপৰমুখ জিলা পৰিষদৰ সদস্য শ্ৰী জোনালীম ডেকা দাস  আৰু অনুসূচীত জনজাতি মৰ্চা, নগাঁও জিলাৰ সভাপতি শ্ৰী সঞ্জীৱ দেউৰী লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে।

 

Leave a Reply

BP NEWS Live
Logo Thursday, 24 September 2026
Login / Register