টি এম এম কে, ৰ কেন্দ্ৰীয় উপ সভানেত্ৰী মমতা দলে, ৰ মৃত্যুত লখিমপুৰ বগীনদীত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

টি এম এম কে, ৰ কেন্দ্ৰীয় উপ সভানেত্ৰী তথা মিছিং স্বায়ত্ত পৰিষদৰ ২৫ নং ডিক্ৰং সমষ্টিৰ পৰা নিৰ্বাচিত প্ৰথমগৰাকী মহিলা সদস্যা তথা মিছিং জাতীয় সংগঠনৰ এগৰাকী সাহসী বলিষ্ঠ কণ্ঠ ৰ গৰাকী মমতা দলে, ৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰে বগীনদী আঞ্চলিক টি এম পি কে, এম এম কে আৰু টি এম এম কে ই। বগীনদী দৈনিক বজাৰত মিছিং জনগোষ্ঠীৰ এই তিনিটা জাতীয় সংগঠনে, আজি সন্ধিয়া মমতা দলেৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিটৰ মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই কাৰ্যসূচীত বগীনদী আঞ্চলিক টি এম পি কে, এম এম কে আৰু টি এম এম কে, ৰ কৰ্মকৰ্তা সকল উপস্থিত থকাৰ উপৰিও টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অনিল চাংমাই, এম এম কে, ৰ কেন্দ্ৰীয় সদস্য বিপ্লৱ টাইদ, বগীনদীৰ উদীয়মান নৈপৰীয়া কবি কলেশ্বৰ নৰহৰ লগতে জংকী পানৈ বোলছবিৰ অভিনেতা কুলধৰ পেগু উপস্থিত থাকে। ফটো আছে। প্ৰেৰক ভূবন গৌতম।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register