সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত এন ডি এ-ৰ মনোনীত প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা সমৰ্থনত আজি মাধৱপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীখুতি খেলপথাৰ আৰু গেৰজাইপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত কালীবাৰী নাট্যমঞ্চত অনুষ্ঠিত দুখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেশ আৰু ৰাজ্যত সৃষ্টি হোৱা উন্নয়নৰ কৰ্মযজ্ঞৰ ফলত জনজীৱনলৈ ইতিবাচক পৰিৱৰ্তনে সকলোকে আকৰ্ষিত কৰিছে। দুয়োখন সভাতে পাৰভাঙি ওলাই অহা জনতা জনাৰ্দনৰ বিপুল সঁহাৰি আৰু উৎসাহে আমাক অভিভূত কৰি তুলিলে। এন ডি এ-ৰ প্ৰতি আস্থা প্ৰকাশ কৰি আজিৰ সভাখনতে বিজেপি পৰিয়ালৰ সৈতে সংযুক্ত হোৱা বহুকেইগৰাকী ব্যক্তিক আদৰণি জনালোঁ। উপ-নিৰ্বাচনটোত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ জনতা জনাৰ্দন ইতিমধ্যেই সাজু হৈছে।
