কৰমৰ ৰঙত ৰঙীন চাবুৱা, ঐতিহ্য-সংস্কৃতিৰ মিলনভূমি কেন্দ্ৰীয় কৰম সন্মিলন

চাবুৱাত উলহ-মালহেৰে অনুষ্ঠিত হ’ল কেন্দ্ৰীয় কৰম সন্মিলন। পৰম্পৰা, সংস্কৃতি আৰু ঐক্যৰ বাণীৰে মুখৰিত হৈ পৰিল সন্মিলনস্থলী।

কৰম পূজাৰ পৰম্পৰা আৰু লোকসংস্কৃতিক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে আয়োজন কৰা এই সন্মিলনত বৃহৎ সংখ্যক লোকৰ সমাগম ঘটে।

কৰম গছৰ ডালক কেন্দ্ৰ কৰি পালন কৰা এই উৎসৱত প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিয়ালৰ মংগল আৰু সমাজৰ সুখ-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। পৰম্পৰাগত নৃত্য-গীত আৰু সাংস্কৃতিক কাৰ্যসূচীয়ে সন্মিলনস্থলীত সৃষ্টি কৰে এক উৎসৱমুখৰ পৰিৱেশ।

চাবুৱাৰ কেন্দ্ৰীয় কৰম সন্মিলনে কেৱল পৰম্পৰাগত সংস্কৃতিৰ সংৰক্ষণৰ বাৰ্তাই কঢ়িয়াই অনা নাই, বৰং নতুন প্ৰজন্মকো নিজৰ শিপা আৰু ঐতিহ্যৰ সৈতে সংযোগ স্থাপনৰ এক সুযোগ প্ৰদান কৰিছে।

Leave a Reply

BP NEWS Live
Logo Thursday, 24 September 2026
Login / Register