মৰাণ: টাইপাৰ মৰাণ মহকুমা সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পাছতে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামূলীয়ে মৰাণত এখন সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে।
লালীগুৰ ব্যৱসায়ীক ধনদাবীৰ অভিযোগত অব্যাহতি পোৱা মৰাণ মহকুমা সমিতিৰ তিনিগৰাকী বিষয়ববীয়াক পুনৰ সদস্যপদ প্ৰদান কৰা হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে দিগন্ত তামূলীয়ে।
ইয়াৰ উপৰি, টাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ বাবে চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে।
আনহাতে, অসমৰ বানপীড়িত লোকসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বানবিধ্বস্ত চাৰিখন জিলাৰ বানাক্ৰান্ত লোকৰ বাবে ৫ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে দিগন্ত তামূলীয়ে।
সংবাদমেলত সংগঠনটোৱে জনজাতিকৰণৰ লগতে বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপন আৰু সহায়ৰ ক্ষেত্ৰতো চৰকাৰে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি দাবী জনায়।
