চাবুৱা খাঁজিখোৱা বাইপাছত চাহ শ্ৰমিকৰ পথ অৱৰোধ, বিভিন্ন দাবীক লৈ প্ৰতিবাদ

চাবুৱা খাঁজিখোৱা বাইপাছত চাহ শ্ৰমিকৰ পথ অৱৰোধ।

বিভিন্ন বঞ্চনা, প্ৰাথমিক সা-সুবিধাৰ অভাৱ আৰু দীৰ্ঘদিনীয়া সমস্যাৰ শীঘ্ৰ সমাধানৰ দাবীত চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত নিজৰ দাবীসমূহ উত্থাপন কৰি শ্ৰমিকসকলে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

পথ অৱৰোধৰ ফলত খাঁজিখোৱা বাইপাছত কিছু সময়ৰ বাবে যান-বাহন চলাচল ব্যাহত হয়। প্ৰতিবাদস্থলীত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে সৃষ্টি হয় যানজঁটৰ।

শ্ৰমিকসকলৰ দাবীসমূহ শীঘ্ৰে সমাধান কৰি সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register