‘পনীৰ’ নাম ব্যৱহাৰ কৰি বিক্ৰী আৰু বিপণন কৰা দুগ্ধজাত নোহোৱা সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে খাদ্য সুৰক্ষা কৰ্তৃপক্ষ। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ, অৰ্থাৎ FSSAI-য়ে ‘পনীৰ’ নাম ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। ২৪ ছেপ্টেম্বৰত এই সন্দৰ্ভত Food Safety and Standards (Prohibition and Restrictions on Sales) Amendment Regulations, 2026-ৰ খচৰা অধিসূচনা জাৰি কৰা হৈছে। প্ৰস্তাৱিত নিয়ম অনুসৰি, দুগ্ধৰ পৰা আহৰণ নকৰা উপাদানেৰে প্ৰস্তুত কৰা আৰু বৰ্তমান ‘Analogue in Dairy Context’ শ্ৰেণীৰ অধীনত লাইচেন্স বা পঞ্জীয়নভুক্ত সামগ্ৰীয়ে নিজৰ নাম, লেবেল আৰু বিপণনত ‘Paneer’ বা ‘পনীৰ’ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব। FSSAIৰ এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকক সামগ্ৰীবিধৰ প্ৰকৃত স্বৰূপ সম্পৰ্কে স্পষ্ট তথ্য প্ৰদান কৰা, যাতে দুগ্ধজাত পনীৰ আৰু দুগ্ধৰ বিকল্প সামগ্ৰীৰ মাজত বিভ্ৰান্তি সৃষ্টি নহয়। দুগ্ধৰ বিকল্প সামগ্ৰী অৰ্থাৎ dairy analogue-ক লৈ FSSAI-য়ে ইয়াৰ পূৰ্বেও পৰামৰ্শ গ্ৰহণ কৰিছিল। এনে সামগ্ৰী দুগ্ধজাত সামগ্ৰী হিচাপে বিক্ৰী বা ব্যৱহাৰ কৰাৰ বিষয়টো লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল। অৱশ্যে, এই নিয়ম এতিয়াও চূড়ান্ত হোৱা নাই। বৰ্তমান ই কেৱল খচৰা প্ৰস্তাৱ। সংশ্লিষ্ট পক্ষসমূহৰ মতামত আৰু নিৰ্ধাৰিত নিয়মীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

‘পনীৰ’ নাম ব্যৱহাৰ কৰি বিক্ৰী আৰু বিপণন কৰা দুগ্ধজাত নোহোৱা সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে খাদ্য সুৰক্ষা কৰ্তৃপক্ষ।

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ, অৰ্থাৎ FSSAI-য়ে ‘পনীৰ’ নাম ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। ২৪ ছেপ্টেম্বৰত এই সন্দৰ্ভত Food Safety and Standards (Prohibition and Restrictions on Sales) Amendment Regulations, 2026-ৰ খচৰা অধিসূচনা জাৰি কৰা হৈছে।

প্ৰস্তাৱিত নিয়ম অনুসৰি, দুগ্ধৰ পৰা আহৰণ নকৰা উপাদানেৰে প্ৰস্তুত কৰা আৰু বৰ্তমান ‘Analogue in Dairy Context’ শ্ৰেণীৰ অধীনত লাইচেন্স বা পঞ্জীয়নভুক্ত সামগ্ৰীয়ে নিজৰ নাম, লেবেল আৰু বিপণনত ‘Paneer’ বা ‘পনীৰ’ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব।

FSSAIৰ এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকক সামগ্ৰীবিধৰ প্ৰকৃত স্বৰূপ সম্পৰ্কে স্পষ্ট তথ্য প্ৰদান কৰা, যাতে দুগ্ধজাত পনীৰ আৰু দুগ্ধৰ বিকল্প সামগ্ৰীৰ মাজত বিভ্ৰান্তি সৃষ্টি নহয়।

দুগ্ধৰ বিকল্প সামগ্ৰী অৰ্থাৎ dairy analogue-ক লৈ FSSAI-য়ে ইয়াৰ পূৰ্বেও পৰামৰ্শ গ্ৰহণ কৰিছিল। এনে সামগ্ৰী দুগ্ধজাত সামগ্ৰী হিচাপে বিক্ৰী বা ব্যৱহাৰ কৰাৰ বিষয়টো লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল।

অৱশ্যে, এই নিয়ম এতিয়াও চূড়ান্ত হোৱা নাই। বৰ্তমান ই কেৱল খচৰা প্ৰস্তাৱ। সংশ্লিষ্ট পক্ষসমূহৰ মতামত আৰু নিৰ্ধাৰিত নিয়মীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register