আজি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বুথ নং ১০৯, ৰূপহী চন্দ্ৰবালা এল পি স্কুলত ভাৰতীয় জনতা পাৰ্টিৰ বুথ নিৰ্বাচনী কাৰ্যালয়ত আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তাসকল তথা যুৱ মৰ্চাৰ সদস্যসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হওঁ।
- নিৰ্বাচনী প্ৰস্তুতি, সাংগঠনিক কাৰ্যসূচী আৰু বুথ পৰ্যায়ৰ কাম-কাজ সন্দৰ্ভত বিস্তৃতভাৱে মত-বিনিময় কৰোঁ।
তৃণমূল পৰ্যায়ত সংগঠনক অধিক শক্তিশালী কৰি ৰাইজৰ সৈতে সু-সম্পৰ্ক অটুট ৰখাৰ ক্ষেত্ৰত সকলোকে একত্ৰিতভাৱে কাম কৰি যাবলৈ আহ্বান জনাওঁ।
