সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদকসহ ৯টা পদত সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰী একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা (AASU) সমৰ্থিত প্ৰাৰ্থীসকলে উল্লেখযোগ্য সফলতা লাভ কৰে। নিৰ্বাচনৰ ফলাফল অনুসৰি সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদকসহ মুঠ ৯টা পদত সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীসকলে জয়লাভ কৰে। ফলাফল ঘোষণাৰ পিছতে বিজয়ী প্ৰাৰ্থী আৰু সমৰ্থকসকলৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি হয়। নতুনকৈ নিৰ্বাচিতছাত্ৰী একতা সভাৰ সমিতিখনে মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ বিভিন্ন সমস্যা আৰু অধিকাৰসমূহক লৈ আগন্তুক দিনত কাম কৰাৰ আশা প্ৰকাশ কৰা হৈছে।
