মৰাণত পুনৰ চুৰিকাণ্ডৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। মৰাণৰ মা কামাখ্যা টায়াৰ্ছত সংঘটিত হৈছে এই চুৰিকাণ্ড। জানিব পৰা মতে, দোকানখনলৈ অহা এজন চোৰে প্ৰথমে টায়াৰ ক্ৰয় কৰাৰ অজুহাতেৰে দোকানখন পৰ্যবেক্ষণ কৰে।
ইয়াৰ পিছত সুযোগ বুজি চোৰজনে দোকানখনৰ পৰা দুটাকৈ টায়াৰ লৈ উধাও হয়। ঘটনাটো পোহৰলৈ অহাৰ পিছতে দোকানখনৰ কৰ্মচাৰী তথা মালিকৰ মাজত হাহাকাৰ লাগে।
চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা CCTV কেমেৰাত বন্দী হোৱা বুলি জানিব পৰা গৈছে। CCTV ফুটেজৰ ভিত্তিত চোৰজনক চিনাক্ত কৰাৰ চেষ্টা চলোৱা হৈছে।
ঘটনাটোৱে মৰাণৰ ব্যৱসায়ীসকলৰ মাজতো উদ্বেগ সৃষ্টি কৰিছে। এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অধিক সতৰ্কতা অৱলম্বন কৰাৰ লগতে আৰক্ষীৰ তৎপৰতাও বৃদ্ধি কৰাৰ দাবী উঠিছে।
