আমষ্টাৰডামত বিশ্ব মঞ্চত ডিব্ৰুগড়ৰ অংকুৰ বৰকাকটি, ভাৰতক প্ৰতিনিধিত্ব কৰি Patient Safetyক লৈ বক্তব্য

ডিব্ৰুগড়ৰ বাবে পুনৰ এক গৌৰৱৰ খবৰ। বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিলে ডিব্ৰুগড়ৰ সন্তান অংকুৰ বৰকাকটিয়ে।

Novartis-ৰ Head of Safety Case Processing হিচাপে কৰ্মৰত অংকুৰ বৰকাকটিয়ে নেডাৰলেণ্ডছৰ আমষ্টাৰডামত অনুষ্ঠিত World Patient Safety Congress Europeত অংশগ্ৰহণ কৰি বিশ্বৰ স্বাস্থ্যখণ্ডৰ আগশাৰীৰ ব্যক্তিসকলৰ সন্মুখত Pharmacovigilance আৰু Patient Safetyৰ ভৱিষ্যৎ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা অংকুৰ বৰকাকটিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Department of Pharmaceutical Sciencesৰ পৰা ২০১১ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত তেওঁ “Quality Management System for the Future of Pharmacovigilance” শীৰ্ষক এক গুৰুত্বপূৰ্ণ অধিৱেশন পৰিচালনা কৰে।

তেওঁৰ বক্তব্যত উন্নত Quality Management Framework আৰু আধুনিক Safety Case Processing Systemৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। এই ব্যৱস্থাসমূহে বিশ্বজুৰি ঔষধৰ সুৰক্ষা আৰু ৰোগীৰ সুৰক্ষা অধিক শক্তিশালী কৰাত কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়েও আলোচনা কৰে।

উল্লেখ্য, World Patient Safety Congress Europe হৈছে Pharmacovigilance, Drug Safety আৰু Risk Managementৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত Pharmaceutical আৰু Biotechnology খণ্ড, স্বাস্থ্য সংস্থা আৰু Regulatory Bodyৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

অংকুৰ বৰকাকটিৰ এই আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণে ডিব্ৰুগড়ৰ লগতে ভাৰতৰ স্বাস্থ্য আৰু ঔষধ সুৰক্ষা খণ্ডৰ পেছাদাৰীসকলৰ বিশ্ব মঞ্চত ক্ৰমবৰ্ধমান অৱদানকো প্ৰতিফলিত কৰিছে।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register