DHSK মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প স্থাপন!

জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিম্বেশ্বৰ চলিহা বয়জ’ হোষ্টেলত নতুন সুবিধা

ডিব্ৰুগড়, ২৬ ছেপ্টেম্বৰ: ডিব্ৰুগড়ৰ DHSK মহাবিদ্যালয়ৰ ডিম্বেশ্বৰ চলিহা বয়জ’ হোষ্টেলত জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ উদ্যোগত স্থাপন কৰা এটা বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী তথা সমাজসেৱী চি এ জ্যোতি প্ৰসাদ কানৈ আৰু DHSK মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই যৌথভাৱে প্ৰকল্পটো উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী ললিতা কানৈ, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ড° এল আৰ শইকীয়া, পৰিচালনা সমিতিৰ সদস্য ড° জি হাজৰিকা আৰু অভিমন্যু বৰুৱা, মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° প্ৰথা গাংগুলী, জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী আৰু বৃহৎ সংখ্যক ছাত্ৰ উপস্থিত থাকে।

অনুষ্ঠানত অধ্যক্ষ ড° শশীকান্ত শইকীয়াই কয় যে এই প্ৰকল্প স্থাপনে মহাবিদ্যালয়খনৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি সংযোজন কৰিলে। তেওঁ উল্লেখ কৰে যে ডিম্বেশ্বৰ চলিহা বয়জ’ হোষ্টেলটো প্ৰায় ১৭ বছৰ ধৰি বন্ধ হৈ থকাৰ পিছত ২০১৫ চনত পুনৰ মুকলি কৰা হৈছিল। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত হোষ্টেলৰ পৰিৱেশো অৱহেলিত হৈ পৰিছিল।

অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত হোষ্টেলটো পুনৰ সক্ৰিয় কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰয়াত ডিম্বেশ্বৰ চলিহাৰ পৰিয়ালেও এই ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াইছিল। পৰৱৰ্তী সময়ত হোষ্টেলটোৰ নাম তেওঁৰ স্মৃতিত ৰখা হয়।

হোষ্টেলটোৰ বিভিন্ন সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰা হ’লেও প্ৰায় ১২ বছৰ ধৰি নিৰাপদ আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱ এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ আছিল বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জ্যোতি প্ৰসাদ কানৈ আৰু ললিতা কানৈক কৃতজ্ঞতা জ্ঞাপন কৰে তেওঁ।

আনহাতে, জ্যোতি প্ৰসাদ কানৈয়ে কয় যে ছাত্ৰসকলে সন্মুখীন হোৱা খোৱাপানীৰ সমস্যাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ফাউণ্ডেশ্যনে হোষ্টেলটোত এই সুবিধা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই প্ৰকল্পৰ জৰিয়তে ছাত্ৰসকলে বিশুদ্ধ আৰু শীতল খোৱাপানী লাভ কৰিব।

উল্লেখ্য যে, জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনে ইতিমধ্যে মহাবিদ্যালয়খনৰ ছাত্ৰী হোষ্টেল আৰু চৌহদৰ অন্যান্য স্থানতো বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প স্থাপন কৰিছে।

ফাউণ্ডেশ্যনৰ এই পদক্ষেপৰ বাবে ছাত্ৰসকলেও জ্যোতি প্ৰসাদ কানৈ আৰু জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

BP NEWS Live
Logo Sunday, 27 September 2026
Login / Register