নিশা হ’লেই অস্বাভাৱিক ঘটনাত দিশহাৰা এটা পৰিয়াল — ভূত নে আন কিবা?
মৰাণৰ চেপন-চকলীয়া অঞ্চলত এটা পৰিয়ালক কেন্দ্ৰ কৰি ৰহস্যজনক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালটোৰ অভিযোগ অনুসৰি, বিগত কিছুদিন ধৰি তেওঁলোকৰ ঘৰত সংঘটিত হৈ থকা কিছুমান অস্বাভাৱিক ঘটনাৰ বাবে পৰিয়ালটো ভয় আৰু আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে।
বিশেষকৈ নিশাৰ সময়ত ঘৰৰ ভিতৰ-বাহিৰত বিভিন্ন ধৰণৰ অস্বাভাৱিক শব্দ আৰু ৰহস্যজনক পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি পৰিয়ালটোৱে দাবী কৰিছে। ঘটনাবোৰৰ বাবে পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক।
অৱশ্যে এই ঘটনাৰ আঁৰত সঁচাকৈ কোনো অলৌকিক শক্তি জড়িত নে ইয়াৰ আঁৰত আন কোনো কাৰণ আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোক লৈ অঞ্চলটোতো সৃষ্টি হৈছে কৌতূহল।
ভূত নে আন কিবা?—এই প্ৰশ্নই এতিয়া চৰ্চা লাভ কৰিছে চেপন-চকলীয়াত। ঘটনা সন্দৰ্ভত প্ৰকৃত সত্য পোহৰলৈ অহাৰ অপেক্ষাত পৰিয়ালটো।
