ডিব্ৰুগড়ৰ মুৰুলীধৰ জালান বাছ আস্থানৰ ব্যৱস্থাপনাক লৈ লীজধাৰীৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে Esteem Bus Owners’ Association (EBOA)-এ।
EBOAৰ অভিযোগ অনুসৰি, কোনো আগতীয়া জাননী নিদিয়াকৈ বাছ আস্থানৰ ভাড়া বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বাছ মালিকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰিছে।
ইয়াৰ উপৰি বাছসমূহৰ আস্থানত প্ৰৱেশ আৰু ওলাই যোৱাৰ বাবে কোনো সঠিক সময়সূচী নথকাৰ অভিযোগো উত্থাপন কৰিছে EBOA-ই। ফলত বাছ চলাচলৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাৰ লগতে যাত্ৰীসকলেও অসুবিধাৰ সন্মুখীন হোৱা বুলি দাবী সংগঠনটোৰ।
কেৱল লীজধাৰীৰ বিৰুদ্ধেই নহয়, বাছ আস্থানৰ প্ৰশাসনৰ বিৰুদ্ধেও একাধিক অভিযোগ উত্থাপন কৰিছে Esteem Bus Owners’ Association-এ। বাছ আস্থানৰ ব্যৱস্থাপনা অধিক সু-শৃংখলিত কৰাৰ লগতে বাছ মালিক আৰু যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি গুৰুত্ব দিবলৈ দাবী জনাইছে সংগঠনটোৱে।
উত্থাপিত অভিযোগসমূহক লৈ লীজধাৰী তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া এতিয়াও জানিব পৰা হোৱা নাই।
